মাধৱদেৱ বিশ্ববিদ্যালয়ৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপন ….

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপন ….

author-image
asomiyapratidin
New Update
মাধৱদেৱ বিশ্ববিদ্যালয়ৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপন ….

ডিজিটেল সংবাদ, নাৰায়ণপুৰ :উত্তৰপৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱায়িত কৰি ২০১৯ বৰ্ষত মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নিত কৰা মাধৱদেৱ বিশ্ববিদ্যালয়ৰ মঙলবাৰে তৃতীয় বৰ্ষপূৰ্তি।আজিৰ এই বিশেষ দিনটো আনুষ্ঠানিকভাবে উদযাপন কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

Advertisment

কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড.দিবাকৰ চন্দ্ৰ ডেকাই পতাকা উত্তোলন কৰাৰ পিছতে মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ প্ৰতিচ্ছবিত বন্তিপ্ৰজ্বলন কৰে পঞ্জীয়ক ড.শৰৎ হাজৰিকাই।দিনৰ ১১-৩০ বজাত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড.দিবাকৰ চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন অনুষ্ঠিত হয়।

বিশ্ববিদ্যালয়ৰ ছাত্ৰী সকলে পৰিবেশন কৰা সমবেত বৰগীতেৰে শুভাৰম্ভ কৰা সভাখনত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড.ভৱেশ চন্দ্ৰ গোস্বামী আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ সদস্য তথা টেঙাখাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড.কিৰণ হাজৰিকাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰাৰ বিপৰিতে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড.কৃষ্ণপ্ৰসাদ গগৈ,মাধৱদেব নমস্কাৰ পঞ্জীয়ক ড.শৰৎ হাজৰিকা আৰু প্ৰাক্তন শিক্ষা মন্ত্ৰী তথা বৰ্ষীয়ান ৰাজনীতিবিদ প্ৰেমধৰ বৰাই।

উল্লেখ্য যে চলিত বৰ্ষৰ পৰা ১৪ টা বিষয়ত বিশ্ববিদ্যালয়খনত স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব। ইতিমধ্যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যাবতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বুলি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড.দিবাকৰ চন্দ্ৰ ডেকাই সভাত অৱগত কৰে।

আৰু পঢ়ক: কংগ্ৰেছত তীব্ৰ খহনীয়া,সাৰি ন'গল ভূপেন কুমাৰ বৰাৰ সমষ্টিয়ো …

assam narayanpur