কংগ্ৰেছত তীব্ৰ খহনীয়া,সাৰি ন’গল ভূপেন কুমাৰ বৰাৰ সমষ্টিয়ো …

কংগ্ৰেছত তীব্ৰ খহনীয়া,সাৰি ন’গল ভূপেন কুমাৰ বৰাৰ সমষ্টিয়ো …

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ গৃহ সমষ্টি বিহপুৰীয়াত ব্যাপক খহনীয়া।দহ গৰাকীকৈ কংগ্ৰেছ নেতাৰ আপত যোগদান।

প্ৰদেশ কংগ্ৰেছৰ নেতা নবজিত বৰাৰ নেতৃত্বত আজি আপৰ গুৱাহাটীৰ কাৰ্যালয়ত আপৰ নেতা লক্ষীকান্ত ডুবেৰ উপস্থিতিত বিহপুৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি মধু সাতোলা,নাৰায়ণপুৰ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ঠগেন বৰা,সাধাৰণ সম্পাদক মাধৱ দেউৰীয়ে আপত যোগদান কৰে।

ইয়াৰ উপৰিও পূব ডিক্ৰং মণ্ডল কংগ্ৰেছৰ উপ সভাপতি তৰুণ ভূঞা,সাধাৰণ সম্পাদক পবিত্ৰ বৰা,সম্পাদক দীপ হাজৰিকা,পিছলা মণ্ডল কংগ্ৰেছৰ উপ-সভাপতি ব্ৰজেন বৰা,বৰবালি মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক প্ৰবীণ বৰা,নাৰায়ণপুৰ ব্লক কংগ্ৰেছৰ নেতা লোহিত বৰপাত্ৰগোঁহাই এজেপি নেতা ঠগিৰাম ডেকাই আনুষ্ঠানিকভাবে আপত যোগদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in