বিজেপিৰ মতে কাম কৰে নিৰ্বাচন আয়োগে ! শিৱসেনাৰে এ জে পিৰ বৈঠক...

বিজেপিৰ মতে কাম কৰে নিৰ্বাচন আয়োগে ! শিৱসেনাৰে এ জে পিৰ বৈঠক...
বিজেপিৰ মতে কাম কৰে নিৰ্বাচন আয়োগে ! শিৱসেনাৰে এ জে পিৰ বৈঠক...

ডিজিটেল ডেস্কঃ অসম জাতীয় পৰিষদৰ এটা সজাতি দলে আজি মুম্বাইত শিৱ সেনাৰ নেতৃত্বক সাক্ষাৎ কৰিব। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত যোৱা দলটোত আছে সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ-সভাপতি চমছেৰ সিং আৰু মুখপাত্ৰ জিয়াউৰ ৰহমান।

উল্লেখ্যে যে, অসমৰ পৰা যোৱা এই দলটোৱে আজি শিৱ সেনাৰ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক সাক্ষাৎ কৰিব আৰু এলানি আলোচনাত মিলিত হ'ব। দিনৰ প্ৰায় ১-৩০ বজাত 'মাতোশ্ৰী'ত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত আগন্তুক লোকসভা নিৰ্বাচনত দেশৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ মাজত সমন্বয় আৰু সহযোগিতাৰ দিশসমূহৰ ওপৰত আলোচনা হ'ব।

ইয়াৰোপৰি এই আলোচনাৰ মাজত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ দিশটোৰ বিৰোধৰ বিষয়টোৱেও স্থান লাভ কৰিব। উল্লেখ্য য, মুম্বাইৰ পৰাই লুৰিণজ্যোতি গগৈয়ে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়টোৰ সন্দৰ্ভত বিৰোধিতা কৰি অসম জাতীয় পৰিষদৰ স্থিতি স্পষ্ট কৰিছে।

তেওঁ এই সন্দৰ্ভত কয়, নিৰ্বাচন আয়োগে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে যি সিদ্ধান্ত লৈছে সেয়া অতি দুৰ্ভাগ্যজনক আৰু ষড়যন্ত্ৰমূলক। তেওঁ কয়, অসম জাতীয় পৰিষদে নিৰ্বাচন আয়োগক স্পষ্টকৈ আৰু যুক্তিসহকাৰে কৈছিল যে, ২০০১ চনৰ লোকপিয়লৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণ হলে অসমত খিলঞ্জীয়া, ভূমি পুত্ৰ অসমীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ নিঃশেষ হ'ব। সেয়ে বিৰোধী ৰাজনৈতিক দলেসমূহে সমষ্টি পুনৰ নিৰ্ধাৰণ বন্ধ কৰিবলৈ অনুৰোধ কৰিছিলো।

ইয়াৰোপৰি তেওঁ কয়, ২০০৭ চনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰিছিল এতিয়া শাসনত থকা বিজেপিয়েও। সেই সময়ত তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰি অন্যান্য বিৰোধী দলৰ সৈতে বিধানসভা ত্যাগ কৰিছিল। বিৰোধীৰ হেঁচাত শাসনত থকা কংগ্ৰেছেও সৰ্বদলীয় বৈঠকত প্ৰস্তাৱ গৃহীত কৰি স্বাক্ষৰ কৰি নিৰ্বাচন আয়োগক সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰাৰ কথা জনাইছিল।

আনকি উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰত শপতনামাও দাখিল কৰিছিল। অসম বন্ধৰ দৰে কাৰ্যসূচী সেই সময়ত দল, সংগঠনে গ্ৰহণ কৰিছিল। আজিৰ পৰিস্থিতিও সলনি হোৱা নাই।

আজিও অসমত বিদেশী চিনাক্ত হোৱা নাই। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পূৰ্ণৰূপে উন্নীত হোৱা নাই। সেয়ে ২০২৬ ত যিহেতু সমগ্ৰ দেশত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব সেই সময়লৈ অপেক্ষা কৰিবলৈ আহ্বান জনাইছিলো।

তেওঁ লগতে কয়, যিসময়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কাম সম্পূৰ্ণ কৰা নাই, সেই সময়ত যিবোৰ মৌলিক বিষয় আছিল বিশেষকৈ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ জৰিয়তে খিলঞ্জীয়াৰ মানুহৰ ৰাজনৈতি, ভাষা, কৃষ্টি, সংস্কৃতি ৰক্ষাৰ যি দায়িত্ব সেই দায়িত্ব কেন্দ্ৰীয় চৰকাৰে পালন কৰা নাই।

তাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে হুৰমুৰকৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচন আয়োগৰ লগ লাগি সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়টো আগবঢ়ায় লৈ যাব বিচাৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো খৰখেদাকৈ আগবঢ়াই নিবলৈ বিচৰা কাৰ্য ষড়যন্ত্ৰমূলক। নিৰ্বাচন আয়োগে বিজেপিৰ মতে আৰু বিজেপিৰ ভোটবেংক ৰক্ষা কৰিবলৈ হাত উজান দিছে, তুষ্টিকৰণ কৰিছে।

বিজেপিৰ মতে কাম কৰে নিৰ্বাচন আয়োগে ! শিৱসেনাৰে এ জে পিৰ বৈঠক...
নেতাৰ ভয়, কিজানি সমষ্টি নৰয় !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in