বন্দুকৰ ভয়-ভাবুকি দেখুৱাই লাভ নাই,আমি অসমৰ ভৱিষ্যৎ অন্ধকাৰ দিশে যাবলৈ নিদিও: লুৰিণজ্যোতি গগৈ

বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

author-image
Asomiya Pratidin
New Update
বন্দুকৰ ভয়-ভাবুকি দেখুৱাই লাভ নাই,আমি অসমৰ ভৱিষ্যৎ অন্ধকাৰ দিশে যাবলৈ নিদিও: লুৰিণজ্যোতি গগৈ

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। কা আন্দোলনক লৈ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে কৰা পোষ্টকলৈ প্রতিক্ৰিয়া প্ৰকাশ কৰে লুৰীণজ্যোতি গগৈয়ে।

Advertisment

গগৈয়ে কয়, অসমৰ সংগ্রামী জনতাক ভয় খুৱাবলৈ চেষ্টা কৰিছে ডিজিপিয়ে। অসম আৰক্ষী সঞ্চালক প্ৰধানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে মুখ্যমন্ত্রীয়ে।

তেওঁ কয় যে, অৰ্ধ চুটীৰ দিনটোত ৮২১.৫ কোটি জৰিমনা সংগ্রহ কৰক সিঙে। বিজেপিয়ে দিয়া অসম-ভাৰত বন্ধৰ হিচাপ দিলে লুৰিণজ্যোতি গগৈয়ে। CAA আন্দোলনৰ সময়ত দিয়া অসম বন্ধত অগপই সমৰ্থন কৰিছিল। পূৰ্বৰ ছাত্র সন্থাৰ বহুত বন্ধত বিজেপিয়ে সমৰ্থন জনাইছিল।

তেওঁ কয় যে, বন্দুকৰ ভয়-ভাবুকি দি লাভ নাই। সীমা চেৰাই মন্তব্য নকৰিবলৈ ডিজিপিক আহ্বান গগৈৰ। লগতে কয় যে, আমি অসমৰ ভৱিষ্যৎ অন্ধকাৰ দিশে যাবলৈ নিদিও। তিনিচুকীয়া, হাইলাকান্দিত আন্দোলনকাৰী আটক কৰিছে চৰকাৰে। ধৰ্মীয় মেৰুকৰণৰ অন্তত কা-ক অস্ত্র হিচাপে লৈছে চৰকাৰে।

এই সময়ত সাহিত্যিক, সাংবাদিক, দল-সংগঠনক ওলাই অহাৰ আহ্বান গগৈৰ।

উল্লেখ্য যে কা কাৰ্যকৰী হোৱাৰ পাছদিনাই অসম বন্ধ হ'ব বুলি কৈছিল ১৩ টা ৰাজনৈতিক দলে। তাৰপাছতে জিপি সিঙে ছচিয়েল মিডিয়াত পোষ্ট কৰি কৈছিল যে এদিন বন্ধত অসমৰ লোকচানৰ পৰিমান প্ৰায় ১৬৪৩ কোটি টকা। যদিহে কোনোৱে বন্ধ দিয়ে তেন্তে সেই টকা বন্ধ দিয়া সকলে ভৰিব লাগিব।

Also Read: অসমত অভিলেখ! বিজেপি চৰকাৰৰ দিনত বন্ধ হৈছে সৰ্বাধিক শিক্ষানুষ্ঠানঃ আপ

gp singh caa bjp