ওজাৰু আৰু জাৰ্মানীৰ স্বেচ্ছাসেৱী সন্থাৰ যৌথ প্ৰচেষ্টাত সৌৰশক্তিৰে পোহৰালে লামডিঙৰ গ্ৰাম্য অঞ্চল

ৰাজ্যত বিদ্যুৎ বিভাগে ৰাইজক জ্বলা কলা খুৱাই থকাৰ সময়তে সৌৰশক্তিৰে লামডিং গ্ৰাম্যঞ্চল আলোকিত কৰাৰ বাবে শুকুৰূাৰে এক প্ৰকল্পৰ শুভাৰম্ভনি কৰে ।

author-image
Asomiya Pratidin
New Update
ওজাৰু আৰু জাৰ্মানীৰ স্বেচ্ছাসেৱী সন্থাৰ যৌথ প্ৰচেষ্টাত সৌৰশক্তিৰে পোহৰালে লামডিঙৰ গ্ৰাম্য অঞ্চল

ডিজিটেল সংবাদ , লামডিং: ৰাজ্যত বিদ্যুৎ বিভাগে ৰাইজক জ্বলা কলা খুৱাই থকাৰ সময়তে সৌৰশক্তিৰে লামডিং গ্ৰাম্যঞ্চল আলোকিত কৰাৰ বাবে শুকুৰূাৰে এক প্ৰকল্পৰ শুভাৰম্ভনি কৰে । লামডিঙ স্বেচ্ছাসেৱী সংন্থা 'ওজাৰু' আৰু বিশ্বব্যাপী খ্যাতি জাৰ্মানৰ স্বেচ্ছাসেৱী ছাত্ৰ সংগঠন 'এনেকটাছ' ৰ যৌথ উদ্যোগত লামডিঙৰ পটোপথাৰ অঞ্চলত Light for Rural Area In India নামৰ এটা প্ৰকল্পৰ ভিক্তিত Solar Power Station নামেৰে এটি সৌৰ প্ৰকল্প আৰম্ভ কৰে ।

Advertisment

উল্লেখ যে বিগত কিছুবছৰৰ আগত সুদূৰ জামাৰ্নীৰ পৰা চাৰি গৰাকীকৈ জাৰ্মানীৰ এনেকটাছ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ প্ৰতিনিধি দলটোৱে লামডিঙলৈ আহি লামডিঙৰ ওজাৰু নামৰ বেচৰকাৰী সন্থাৰ সুদীপ দেৱৰয়ৰ সহায় সহযোগিতাত লামডিঙৰ পটোপথাৰ অঞ্চলটো পৰিদৰ্শন কৰিছিল । বিজুলীৰ অভাৱত নিশা প্ৰায় সময়ে অঞ্চলটোত হাতীৰ উপদ্ৰৱ সন্মুখীন হ'বলগীয়া হয়।

সেয়হে এই সৌৰ প্ৰকল্পটোৰ জৰিয়তে অঞ্চলটোত বসবাস কৰা প্ৰতিজনৰ ঘৰে ঘৰে লাইট প্ৰদান কৰা হ'ব । লগতে ৬ ঘন্টাৰ পৰা ৮ ঘন্টালৈ বিদ্যুৎ যোগান ধৰিব এই প্ৰকল্পৰ সহায়ত। আগন্তুক দিনত লামডিঙৰ প্ৰতিখন গ্ৰাম্যঞ্চল অধিক উন্নত হোৱাৰ লগতে সৌৰ প্ৰকল্পৰে বিজুলীৰ নাটনি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চেষ্টা চলাই যাব বুলি মন্তব্য প্ৰদান কৰে ওজাৰুৰ বিষয়ববীয়া সুদীপ দেৱৰয়ে।

আৰু পঢ়ক: ইটা ভাটাত বিস্ফোৰণ; নিহত সকলৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা মোডীৰ...

lumding assam