লামডিঙত পথ দুৰ্ঘটনাঃ কেইবাজনো সেনা জোৱান আহত

লামডিঙৰ "এছ" ট্ৰাৰণিঙত ভয়ংকৰ পথ দুৰ্ঘটনা। বুধবাৰে লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত এই দুৰ্ঘটনা সংঘটিত হয় ৷

author-image
Asomiya Pratidin
New Update
লামডিঙত পথ দুৰ্ঘটনাঃ কেইবাজনো সেনা জোৱান আহত

ডিজিটেল সংবাদ, লামডিংঃ লামডিঙৰ "এছ" ট্ৰাৰণিঙত ভয়ংকৰ পথ দুৰ্ঘটনা। বুধবাৰে লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত এই দুৰ্ঘটনা সংঘটিত হয় ৷

Advertisment

অসম আৰক্ষীৰ জোৱান কঢ়িওৱা এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হয় । গুৱাহাটীৰ পৰা হাফলং অভিমুখে আছিল বাছখন ৷ গুৱাহাটীৰ বিধানসভা পৰা কৰ্তব্য শেষ কৰি হাফলঙলৈ উভতি অহাৰ সময়তে এই ঘটনা ঘটে ।

৫ এপিবিএনৰ (5th APBN)জোৱান আছিল বাছখনত। এ এছ ০১ জিচি ১২৭৭ নম্বৰ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰাৰ সন্দেহ ৷

আহত জোৱানসকলক প্ৰাথমিক চিকিৎসাৰ বাবে লামডিং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ বাছখনত ২৫ পৰা ৩০জন জোৱান থকাৰ সন্দেহ আৰক্ষীৰ। ক্ৰমেও ২৫ গৰাকী জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনা স্থলীত লামডিং আৰু হোজাই আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Also Read: বাতৰি পৰিবেশনৰ বাবে সাংবাদিকক ভাবুকি ৰাজহচক্ৰ বিষয়া জ্ঞানদ্বীপ নেওগ আৰু পত্নীৰ

Assam police