বাতৰি পৰিবেশনৰ বাবে সাংবাদিকক ভাবুকি ৰাজহচক্ৰ বিষয়া জ্ঞানদ্বীপ নেওগ আৰু পত্নীৰ

বাতৰি পৰিবেশনৰ বাবে সাংবাদিকক ভাবুকি ৰাজহচক্ৰ বিষয়া জ্ঞানদ্বীপ নেওগ আৰু পত্নীৰ

ডিজিটেল সংবাদ, চিৰাং: জনসাধাৰণৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আৰু ৰাইজৰ পক্ষত থাকি চৰকাৰী কাৰ্যালয় তথা বিষয়াৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰাৰ বাবে চিৰাঙৰ অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সাংবাদিক জয়ন্ত দেবনাথক ভাবুকি। চিৰাং জিলাৰ চিদলী ৰাজহচক্ৰ বিষয়া জ্ঞানদ্বীপ নেওগ আৰু তেওঁৰ পত্নীয়ে ফোন কৰি ভাবুকি দিয়াৰ লগতে বিভিন্ন তুচ্ছ তাচ্ছিল্য ভাষা আৰু বাক্যবানেৰ অপমান কৰে সাংবাদিকগৰাকীক।

উল্লেখ্য যে ২৭ ফেব্ৰুৱাৰীত অসমীয়া প্ৰতিদিন কাকত আৰু অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণত বাতৰি প্ৰকাশিত হৈছিল যে বিগত আঢ়ৈ মাহ ধৰি কাৰ্যালয়ত উপস্থিত নাই চিদলী ৰাজহচক্ৰ বিষয়া জ্ঞানদ্বীপ নেওগ । চিৰাং জিলাৰ সদৰৰ এটা গুৰুত্বপূৰ্ণ ৰাজহচক্ৰ কাৰ্যালয় হিচাপে ভাৰপ্ৰাপ্ত ৰাজহচক্ৰ বিষয়া গৰাকী দীঘলীয়া সময় ধৰি অনুপস্থিত থকাত মাটি-বাৰী ক্ৰয়-বিক্ৰয়ৰ লগতে বিভিন্ন প্ৰমান পত্ৰ বিচাৰি অহা সাধাৰণ ৰাইজ লগতে ছাত্ৰ-ছাত্ৰী সকলে হাৰাশাস্তিৰ সন্মুখীন হৈছে ।

প্ৰয়োজনীয় প্ৰমান পত্ৰ সময়ত সংগ্ৰহ কৰিব নোৱাৰাত বিশেষকৈ ছাত্ৰ -ছাত্ৰী সকলে নতুন কৰ্মক্ষেত্ৰত যোগদানত সমস্যা বা স্কোলাৰশ্বিপৰ পৰা বঞ্চিত হোৱাৰ দৰে সমস্যাত ভুগি আছিল । এই বাতৰি প্ৰকাশিত হোৱাৰ পিছত বুধবাৰে বিয়লিৰ ভাগত চিৰাঙৰ অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সাংবাদিক জয়ন্ত দেবনাথক ৰাজহচক্ৰ বিষয়া জ্ঞানদ্বীপ নেওগ ৭০০২৩৫৩০৩৯ মোবাইল নম্বৰৰ পৰা ফোন কৰে।

বাতৰিত 'অকতৃত্বশীল ভাৱে অনুপস্থিত' বাক্যশাৰী কিয় লিখিছে, মোৰ সম্পৰ্কত কি জানে আপুনি ? এই বাতৰিৰ কাৰণে আপোনাৰ বিৰুদ্ধে মই একচন লম বুলি ভাবুকি প্ৰদান দিয়াৰ পিছতেই মোবাইল ফোনত এগৰাকী মহিলাৰ কন্ঠই নিজকে জ্ঞানদ্বীপ নেওগৰ পত্নী কোকৰাঝাৰ জিলাৰ দোতমাৰ ৰাজহচক্ৰ বিষয়া বুলি পৰিচয় দিয়ে কথা পাতিবলৈ আৰম্ভ কৰে।

আৰম্ভণিৰে পৰা ফোনত আক্ৰমণাত্মক সুৰত বিভিন্ন ধৰণৰ ভাষা প্ৰয়োগ কৰি অপমান কৰাৰ লগতে বিভিন্ন ধৰণে ভাবুকি প্ৰদান কৰিবলৈ আৰম্ভ কৰে দোতমা ৰাজহচক্ৰ বিষয়া অস্মিতা বৰাই । ৰাজহচক্ৰ বিষয়া কাৰ্যালয়ৰ দৰে গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়ত ভাৰপ্ৰাপ্ত বিষয়া এগৰাকীৰ দীঘলীয়া অনুপস্থিতিৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি বাবে ৰাইজে ভুগি থকা হাৰাশাস্তি বাতৰি পৰিবেশন কৰাৰ বাবে চৰকাৰী বিষয়া দম্পতীহালে দায়িত্বশীল সাংবাদিক এগৰাকী ফোনযোগে অপমান আৰু ভাবুকি প্ৰদান কৰাৰ বিষয়টো লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ৰাইজৰ পক্ষত থাকি বাতৰি পৰিবেশন কৰাৰ বাবে সংবাদকৰ্মীক ভাবুকি প্ৰদান ঘটনাক তীব্ৰ গৰিহণা দিয়ে চিদলীৰ বাসিন্দা তথা আক্ৰাছুৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক প্ৰাঞ্জল চৌধুৰীয়ে । চৰকাৰী বিষয়া এজন কেতিয়াও ৰাইজৰ উৰ্দ্ধত হ'ব নোৱাৰে, তেনেক্ষেত্ৰত ৰাইজৰ অসুবিধা উপলব্ধিৰ কৰি ক্ষেত্ৰভিত্তিক বাতৰি পৰিবেশন সাংবাদিক জয়ন্ত দেবনাথক এনেদৰে ভাবুকি প্ৰদান কৰাৰ লগতে তেখেতৰ পত্নীয়েও অপমানসূচক মন্তব্য আৰু ভাবুকি প্ৰদান কৰা বিষয়টো অতিকৈ দুৰ্ভাগ্যজনক আখ্যা দিয়ে ।

সদৌ আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ছাকাৰিয়াছ চোৰেনেও চৰকাৰী বিষয়া দুগৰাকীয়ে সঁচা বাতৰি পৰিবেশন কৰাৰ বাবে সাংবাদিক জয়ন্ত দেবনাথক যি ভাবুকি আৰু তুচ্ছ তাচ্ছিল্য ভাষাৰে অপমান কৰিছে সেয়া অতি দুৰ্ভাগ্যজনক ঘটনা বুলি আখ্যা দিয়ে । ঘটনা সন্দৰ্ভত সদৌ বিটিআৰ বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শুভ মজুমদাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ৰাইজৰ সেৱাত উৎসৰ্গিত বুলি শপত বাক্য পাঠ কৰা চৰকাৰী বিষয়া দম্পতীহালে পাহৰি গৈছে যে তেওঁলোক ৰাইজৰ সেৱক, নহ'লে ৰাইজক অসুবিধাৰ মাজত পেলাই থৈ যোৱাৰ বাতৰি কৰাৰ কাৰণে সাংবাদিক জয়ন্ত দেবনাথৰ এনেধৰনৰ ব্যবহাৰ কৰাটো কেতিয়াও মানি ল'ব নোৱাৰি বুলি মন্তব্য কৰে ।

ইপিনে সাংবাদিক জয়ন্ত দেবনাথক ভাবুকি প্ৰদান আৰু অপমান কৰা ঘটনাক বাসুগাঁও প্ৰেছ ক্লাৱৰ সভাপতি ভৃগুমুণি ৰায় আৰু সম্পাদক প্ৰসেনজিত কুমাৰ ৰায়, বাসুগাঁও নাগৰিক অধিকাৰ মঞ্চ সাধাৰণ সম্পাদক প্ৰফুল্ল বিশ্বাস, শিৱসেনা নেতা শিবু চন্দই গৰিহণা দিয়াৰ লগতে ৰাজহচক্ৰ বিষয়া দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পৰামৰ্শ আগবঢ়ায় আৰু প্ৰয়োজনত সকলোৱেই সাংবাদিক গৰাকীৰ কাষত থিয় দিয়াৰ আশ্বাস প্ৰদান কৰে ।

বাতৰি পৰিবেশনৰ বাবে সাংবাদিকক ভাবুকি ৰাজহচক্ৰ বিষয়া জ্ঞানদ্বীপ নেওগ আৰু পত্নীৰ
৯ মাৰ্চত নগাঁৱত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in