/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/lumd.jpg)
ডিজিটেল সংবাদ, লামডিং: ছাত্ৰীৰ ধৰ্ষণ-হত্যাকাণ্ডৰ লগত জড়িত দোষীক ফাঁচী দিয়াৰ দাবীৰে উত্তাল লামডিঙ আৰক্ষী থানাৰ চৌহদ।
লামডিং ক্ৰছিং গেট বজাৰ , দক্ষিন লামডিং অঞ্চলৰ সমূহ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ব্যৱসায়ীসকলেও উত্তাল প্ৰতিবাদ সাৱস্ত কৰে ।হাতে হাতে মমবাতি প্লেকাৰ্ড লৈ বিশাল সমদল উলোৱাই লামডিঙ আৰক্ষী থানা ঘেৰাও কৰিলে হাজাৰ হাজাৰ লোকে ।
পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ আৰক্ষীয়ে মোতায়ন কৰে চি আৰ পি জোৱানক। লামডিঙ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দনজ্যোতি বৰাই প্ৰতিবাদী ৰাইজক শান্ত কৰিবলৈ চেষ্টা কৰে যদি অশান্ত হৈ পৰিছে পৰিৱেশ।
লামডিঙৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰতিবাদ কৰিছে ৰাইজে। অভিযুক্ত মিথুন পালক ৰাইজৰ হাতলৈ গতাই দিবলৈ আৰক্ষীক দাবী জনায় । নহ'লে মিথুন পাল ফাঁচি তথা এনকাউন্টাৰ কৰাৰো দাবী জনায় আৰক্ষীক প্ৰতিবাদী ৰাইজে।
এই প্ৰতিবাদস্থলীতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হয়। যাৰ ফলত আৰক্ষী বিষয়া কৰ্মীৰ লগতে প্ৰতিবাদকাৰী আহত হয়। প্ৰতিবাদকাৰীক শান্ত কৰিবলৈ আৰক্ষীয়ে লাঠি চাৰ্জ কৰে।
উল্লেখ্য যে, সোমবাৰে টিউচনলৈ বুলি ওলাই যোৱা কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল মঙলবাৰে। তাৰপাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযুক্তক।
আৰু পঢ়ক: মাতৃক লগত লৈ ড্ৰাগছ সৰবৰাহ কৰিবলৈ অহা যুৱকক গ্ৰেপ্তাৰ…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us