মাতৃক লগত লৈ ড্ৰাগছ সৰবৰাহ কৰিবলৈ অহা যুৱকক গ্ৰেপ্তাৰ…

মাতৃক লগত লৈ ড্ৰাগছ সৰবৰাহ কৰিবলৈ অহা যুৱকক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ , বৰপেটা , :- বৰপেটা জিলাত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত একাংশই নিত্য নতুন কৌশল অৱলম্বন কৰি জিলাখনলৈ ড্ৰাগছ সৰবৰাহ কৰাৰ চেষ্টা চলাই আহিছে ৷

নিজৰ মাতৃক লগত লৈ জিলাখনলৈ ড্ৰাগছ সৰবৰাহ কৰিবলৈ চেষ্টা কৰোতে বুধবাৰে বৰপেটাৰ আৰক্ষীৰ জালত পৰে এজন ড্ৰাগছ সৰবৰাহকাৰী ৷ আৰক্ষীৰ জালত পৰা ড্ৰাগছ সৰবৰাহকাৰীজন গুৱাহাটীৰ গাড়ীগাঁৱৰ মকবুল আলী (৩০) বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে , এক গোপন সুত্ৰৰ পম খেদি বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জন দলৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অসামৰিক পোচাকত বৰপেটা সদৰ থানাৰ অন্তৰ্গত ভেল্লাত খাপ পিটি ৰৈ থাকে ৷ ভেল্লাৰ দ্বৰ্গাহপুৰত ৰৈ থকা আৰক্ষীৰ দলটোৱে গাড়ীগাঁৱৰ পৰা মকবুল আলীয়ে নিজৰ মাতৃক লগত লৈ এ আৰ -০২বি-৪২২০ নম্বৰৰ চাৰিচকীয়া বাহন এখনেৰে বৰপেটালৈ আহি থকা অৱস্থাত বাহনখন ৰখাই তালাচী চলায় ৷

আৰক্ষীয়ে তালাচী চলাই মকবুল আলীৰ জিম্মাৰ পৰা আৰক্ষীয়ে ১৪. ৯৯ গ্ৰাম ব্ৰাউন চুগাৰৰ এটা টোপোলা আৰু কন্টেইনাৰত থকা ৬ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে ৷ ইয়াৰ পিছতে মাতৃৰ সৈতে যুৱকজনক আটক কৰি আৰক্ষীয়ে বৰপেটা সদৰ থানালৈ লৈ আহে ৷ আৰক্ষীয়ে ইতিমধ্যে , মকবুল আলীক গ্ৰেপ্তাৰ কৰে যদিও মকবুলৰ মাতৃক মুকলি কৰি দিয়া সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই ৷

ইপিনে , বৰপেটা আৰক্ষীয়ে বৰপেটাৰ জেইল ৰোডত অভিযান চলাই এটা ড্ৰাগছ সেৱনকাৰী ১৫ বছৰীয়া কিশোৰক আটক কৰে ৷ আটকাধীন ড্ৰাগছ আসক্ত কিশোৰটোৰ পৰা তিনিটা ড্ৰাগছৰ কন্টেইনাৰ জব্দ কৰিছে আৰক্ষীয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in