শ্ৰীশ্ৰী মা শীতলা পূজাৰ উপলক্ষে লামডিং ৰে'লৱেৰ বিশেষ পদক্ষেপ...

মঙ্গলবাৰৰ পৰা লামডিঙত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী মা শীতলা মহোৎসৱ
শ্ৰীশ্ৰী মা শীতলা পূজাৰ উপলক্ষে লামডিং ৰে'লৱেৰ বিশেষ পদক্ষেপ...

ডিজিটেল ডেস্ক: মঙ্গলবাৰৰ পৰা লামডিঙত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী মা শীতলা মহোৎসৱ। অসমৰ ভিতৰতে সৰ্ববৃহৎ উক্ত শীতলা মহোৎসৱক লৈ উদযাপন সমিতিৰ সমান্তৰাল ভাৱে ব্যস্ত হৈ পৰিছে জিলা প্ৰশাসন। শীতলা মহোৎসৱৰ সমান্তৰালকৈ উক্ত স্থানত অহা ১১ এপ্ৰিলৰ লৈকে অনুষ্ঠিত হ'ব বসন্ত মেলা। সেয়ে এই ক্ষেত্ৰত ৰে'ল বিভাগে লৈছে বিশেষ পদক্ষেপ।

এক প্ৰেছ বিবৃতি যোগে ৰে'ল বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি পূজা স্থলীলৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আগমন ঘটিব লগীয়া ভক্তৰ প্ৰতি লক্ষ্য ৰাখি ৰে'ল বিভাগে বিশেষ সুবিধাৰ ব্যৱস্থা কৰিছে। লামডিং ৰে'লৱেৰ মাণ্ডলিক প্ৰৱন্ধক গৰাকীয়ে বিবৃতিত প্ৰকাশ কৰা তথ্য মতে ভক্তৰ সুবিধাৰ্থে কেইবাখনো ৰে'লত নতুনকৈ ডবা সংযোগৰ ব্যৱস্থা কৰিছে ৷

উল্লেখ্য যে, লামডিং-তিনিচুকীয়া এক্সপ্ৰেছ, ৰঙিয়া-ডিব্ৰুগড় এক্সপ্ৰেছ, লিডু ইন্টাৰচিটি এক্সপ্ৰেছ, গুৱাহাটী-শিলচৰ এক্সপ্ৰেছকে আদি কৰি বহু কেইখন যাত্ৰীবাহী ৰে'লত ডবা সংযোগ কৰিছে ৷

ইয়াৰোপৰি এই আঠদিনীয়া পূজাত কোনো লোকে যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে অধিক কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। ভক্তক মেলা স্থলীলৈ বাট দেখুৱাই দিয়াৰ সমান্তৰাল ভাৱে যাত্ৰীৰ সম্ভাৱনাময় ভিৰৰ বাবে অতিৰিক্ত আৰ পি এফ জোৱানো মোতায়ন কৰিছে। তদুপৰি ৰে'লৱে ষ্টেচনস্থলীৰ লগতে মেলা স্থলীতো প্ৰাথমিক ব্যৱস্থা কৰিছে ৰে'ল বিভাগে।

শ্ৰীশ্ৰী মা শীতলা পূজাৰ উপলক্ষে লামডিং ৰে'লৱেৰ বিশেষ পদক্ষেপ...
৫ টা দশক পাছত পুনৰ ধৰাৰ বুকুৰ পৰা চন্দ্ৰলৈ যাব ৪ জনকৈ মহাকাশচাৰী

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in