৫ টা দশক পাছত পুনৰ ধৰাৰ বুকুৰ পৰা চন্দ্ৰলৈ যাব ৪ জনকৈ মহাকাশচাৰী

৫ টা দশক পাছত পুনৰ ধৰাৰ বুকুৰ পৰা চন্দ্ৰলৈ যাব ৪ জনকৈ মহাকাশচাৰী

ডিজিটেল ডেস্ক : শিশু কালৰে পৰাই অনুসন্ধিৎসু মনটোৰ সকলোতকৈ ডাঙৰ প্ৰশ্নটো আছিল আমি য'লৈ যাও. চন্দ্ৰটো আমাৰ সৈতেই কিয় গৈ থাকে ? এই প্ৰশ্নটো কেৱল এজনৰ নহয়, হেজাৰ বিজাৰ শিশুৰ । বিভিন্ন সাহিত্যত চন্দ্ৰক আপোন কোনোবা বুলিও কৰা হয় কল্পনা । এই সকলোবোৰৰ মাজতেই মানৱ জাতিক চন্দ্ৰই হাত বাউলি দি মাতিয়েই থাকিল সদায় ।

১৯৬৯ চনত মানৱ জাতিয়ে প্ৰথমবাৰৰ বাবে চন্দ্ৰত উপনীত হ'ল, গৌৰৱেৰে ঘোষণা কৰিলে "এইয়া মানৱ জাতিৰ বাবে এক বৃহৎ পদক্ষেপ" বুলি । সমগ্ৰ বিশ্বত তোলপাৰ লাগি গ'ল ক্ষন্তেকতে । সকলো দেশৰ মাজত এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ হ'ল চন্দ্ৰলৈ যাবৰ বাবে ।

১৯৭২ চনত অন্তিম বাৰৰ বাবে কোনো মহাকাশচাৰী গৈছিল চন্দ্ৰলৈ । তাৰ পাছত বিভিন্ন কাৰণবশত: আজিলৈ আন কোনো মহাকাশচাৰীয়ে যাব পৰা নাই চন্দ্ৰলৈ । কিন্তু ১৯৭২ চনৰ পৰা অৰ্ধ শতিকা সম্পূৰ্ণ হোৱাৰ পূৰ্বেই আকৌ এবাৰ মন মেলিছে মানৱ জাতিয়ে । ২০২৪ বৰ্ষত পুনৰ চন্দ্ৰলৈ উৰ‍া মাৰিব চাৰিজনকৈ মহাকাশচাৰীয়ে ।

দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই ৩ এপ্ৰিল,২০২৩ ত ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ৮.৩০ বজাত নাছাই ঘোষণা কৰিলে এই চাৰিগৰাকী মহাকাশচাৰীৰ নাম । যি সময়ত পাশ্চাত্যৰ দেশ সমূহত আজিও বৰ্ণ বৈষম্যৰ ওৰ পৰা নাই, সেই সময়তেই প্ৰথমবাৰৰ বাবে চন্দ্ৰলৈ যাব এগৰাকী কৃষ্ণাংগ লোক । ই এক অন্য ইতিহাস ।  কেৱল এয়াই নহয় প্ৰথমবাৰৰ বাবে কোনো মহিলা মহাকাশচাৰী চন্দ্ৰলৈ যাব এই অভিযানৰ জৰিয়তেই । এই অভিযান কিয় গুৰুত্বপূৰ্ণ সেই কথা কেৱল এই দুটা তথ্যৰ পৰাই অনুধাৱণ কৰিব পাৰি ।

নাছাৰ ক্ৰিষ্টিনা কোচ, ভিক্টৰ গ্লোভাৰ, ৰেইড ৱাইজমেন আৰু কানাডাৰ স্পেছ এজেন্সীৰ জেৰেমী হাঞ্চেন হৈছে এই অভিযানৰ মহাকাশচাৰীসকল ।

ক্ৰিষ্টিনা কোচ যি এই অভিযানত থাকিব মিছন স্পেছিয়েলিষ্ট হিচাপে আনহাতে, ভিক্টৰ গ্লোভাৰ যি প্ৰথমগৰাকী কৃষ্ণাংগ ব্যক্তি হ'ব চন্দ্ৰলৈ যোৱা তেখেতক দিয়া হৈছে পাইলটৰ গুৰুদায়িত্ব ।

এতিয়া অপেক্ষা মাথো নিৰ্দিষ্ট দিনলৈ, যি দিনা এই চাৰিগৰাকী মহাকাশচাৰীক লৈ উৰা মাৰিব আৰ্টেমিছ-২ এক নতুন ইতিহাস ৰচি ।

৫ টা দশক পাছত পুনৰ ধৰাৰ বুকুৰ পৰা চন্দ্ৰলৈ যাব ৪ জনকৈ মহাকাশচাৰী
ড্রাগছ সেৱনকাৰীৰ বিৰুদ্ধে অইল নিৰাপত্তাৰক্ষীৰ অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in