/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/d08422a5-3b6f-43e0-9b82-3f5455e1b986/Lumding.jpg)
ডিজিটেল সংবাদ, লামডিং : শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ হেতালী খেলিছে লামডিঙৰ এখন বিদ্যালয়ে ৷ যাৰ বাবে প্ৰতিবাদত নামিল অভিভাৱক সকল ৷ যি সময়ত চৰকাৰে শিক্ষকক কঠোৰ নিৰ্দেশ দিয়া পৰিলক্ষিত হৈছে, তেনে সময়তে মহাৰজতবৰ্ষ গৰকা লামডিং ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেখা গৈছে শিক্ষকৰ অকৰ্মন্যতা ৷ বিদ্যালয় খনত পোৱা নাযায় শিক্ষকক ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/5abaf849-db2b-4247-94f9-3a488911f5c9/WhatsApp_Image_2023_04_24_at_3_00_56_PM.jpeg)
চৰকাৰী দৰমহা খোৱা একাংশ শিক্ষকে নকৰে এটাও ক্লাচ ৷ এঘন্টা ক্লাচ কৰিয়ে সমাপ্ত কৰে নিজৰ দায়িত্ব ৷ এই অভিযোগ আমাৰ নহয়, অভিভাৱকৰহে ৷ লামডিঙৰ অতিকৈ পুৰণি এখন বিদ্যালয়ত এতিয়া এটাৰ পিছত আনটো সমস্যাত জৰ্জৰিত হৈ পৰিছে ৷ বিগত দুটা বৰ্ষৰ পূৰ্বে বিদ্যালয়খনত ইংৰাজী মাধ্যম নতুনকৈ সংযোজন কৰা হৈছিল আৰু সেই হিচাপে নতুন কৈ শ-শ শিক্ষাৰ্থীয়ে দাখিলাও লৈছিল ৷ কিন্তু বিদ্যালয়খনত ইংৰাজী মাধ্যমৰ উপযুক্ত আৰু লাগতীয়াল শিক্ষকৰ অভাৱে এতিয়া একাংশ শিক্ষাৰ্থীৰ জীৱনলৈ এন্ধাৰ নমাই আনিছে ৷
বিদ্যালখনত সঠিকৈ পাঠদান নোহোৱাৰ উপৰিও সময়মতে বিদ্যালয়ত ক্লাচ নোহোৱাৰো অভিযোগ তুলি সোমবাৰে একাংশ অভিভাৱকে লামডিং ৰেলৱে মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয় ঘেৰাও কৰে ৷ তাৰ পিছতে কাৰ্যালয়ৰ বিষয়া গৰাকীয়ে দুটা দিনৰ সময় লৈ সকলো সমস্যা সমধান কৰাৰ আশ্বাস প্ৰদান কৰাত শান্ত হয় অভিভাৱক সলক ৷ উল্লেখ্য যে, পূৰ্বেও লামডিং ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওপৰত বহুবাৰ অভিযোগ উত্থাপন হৈছিল যদিও কানসাৰ নাই মালিগাওঁ ৰেলৱে কৰ্তৃপক্ষ তথা লামডিং ৰেলৱে বিভাগৰ।
Also Read: দেৱীপ্ৰসাদ বাগড়োদিয়ালৈ অসম সাহিত্য সভাৰ "বাসুদেৱ জালান সোঁৱৰণি বঁটা-২০২২"...