ৰেল নগৰী লামডিঙত ৫০ খনৰো অধিক পূজাৰ প্ৰস্তুতি

ৰেল নগৰী লামডিঙত ৫০ খনৰো অধিক পূজাৰ প্ৰস্তুতি

author-image
Asomiya Pratidin
New Update
ৰেল নগৰী লামডিঙত ৫০ খনৰো অধিক পূজাৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, লামডিং: সমগ্ৰ ৰাজ্যৰ লগতে বৰ্তমান ৰেল চহৰ লামডিঙতো আগোন্তক শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি তুঙ্গত উঠিছে ৷ প্ৰতিখন পূজা মণ্ডৱতে এতিয়া এক উখল মাখল পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৷

Advertisment

লামডিং বজাৰৰ ঠাকুৰবাড়ী ৰ'ডত এইবাৰ পূজা কমিটিয়ে চন্দ্ৰযান-৩ৰ আৰ্হিত পূজা মণ্ডপ সজাই তোলা পৰিলক্ষিত হৈছে৷ ভাৰতৰ তথা ISROৰ বৈজ্ঞানি সকলৰ যি সফলতা, চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান ৩ৰ লেণ্ডাৰ বিক্ৰমৰ সক্ষম অৱতৰণ সেই সকলো দিশ সামৰি লামডিঙত প্ৰস্তুত কৰি তোলা হৈছে দুৰ্গা পূজাৰ মণ্ডপ ৷

প্ৰতিবাৰ দৰে এইবাৰো লামডিঙত ৫০ খনৰো অধিক পূজা আয়োজন কৰা হৈছে । দেৱীৰ মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত শিল্পী সকল ।

Also Read: ভাৰতীয় বলাৰৰ বাবে সহায়ক হ'বনে পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়াম ?

lumding