লামডিং ডাকঘৰত তলা ওলমাই ধৰ্মঘট পালন….

লামডিং ডাকঘৰত তলা ওলমাই ধৰ্মঘট পালন….

author-image
asomiyapratidin
New Update
লামডিং ডাকঘৰত তলা ওলমাই ধৰ্মঘট পালন….

প্ৰতিদিন ডিজিটেল সংবাদ, লামডিং : ১০ আগষ্টৰ দিনা সমগ্ৰ ভাৰততে এদিনীয়া ডাক ধৰ্মঘট পালন কৰা হয় ৷ তাৰ লগত সংগতি ৰাখি হোজাই জিলাৰ লামডিঙতো বুধবাৰে ডাক সেৱাৰ সৈতে জড়িত সকলোৱে লামডিং ডাক ঘৰত তলা ওলমাই ধৰ্মঘট পালন কৰে ৷

Advertisment

এই ধৰ্মঘট পালন কৰি ডাক বিভাগক ব্যক্তিগতকৰণ কৰাৰ চক্ৰান্ত বন্ধ কৰা, নতুন পেঞ্চন আঁচিন বন্ধ কৰি অতি শীঘ্ৰে পুৰণা পেঞ্চন আঁচনি যোগান ধৰা, গ্ৰামীণ ডাক সেৱক সকলক সামাজিক সুৰক্ষা প্ৰদান কৰা, অস্থায়ী কৰ্মচাৰী সকলৰ নিয়মীয়াকৰণ কৰা, খালী পদসমূহ অতি শীঘ্ৰে পূৰণ কৰা, ১৮ মাহৰ বকেয়া মৰেগীয়া বানচ আদায় কৰা আৰু সকলো ডাক, আৰ এম এছ, এম এম এছ কাৰ্য্যালয়ত ৫ দিনীয়া কৰ্মসপ্তাহৰ ব্যৱস্থা কৰাৰ লগতে বিভিন্ন দাবীৰে এই ধৰ্মঘট পালন কৰে ৷

আৰু পঢ়ক : দৰ্শক বিজেপি, যাদু নীতিশৰ…

lumding post office assam Assam police