অসমৰ আকাশ এতিয়া বন্দুকৰ গুলিৰ ধোৱাই আৱৰি ধৰিছে: ভূপেন বৰা

"অসমৰ আকাশ এতিয়া বন্দুকৰ গুলিৰ ধোৱাই ছানি ধৰিছে।আইন শৃংখলা মুঠেই নোহোৱা হৈ পৰিছে।ৰাজধানী চহৰ গুৱাহাটীৰ মাজমজিয়াত,মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত দিন দুপৰতে ডকাইতি ।
অসমৰ আকাশ এতিয়া বন্দুকৰ গুলিৰ ধোৱাই আৱৰি ধৰিছে: ভূপেন বৰা

ডিজিটেল সংবাদ, মায়ং: "অসমৰ আকাশ এতিয়া বন্দুকৰ গুলিৰ ধোৱাই ছানি ধৰিছে।আইন শৃংখলা মুঠেই নোহোৱা হৈ পৰিছে।ৰাজধানী চহৰ গুৱাহাটীৰ মাজমজিয়াত,মুখ্যমন্ত্ৰীৰ গৃহ  সমষ্টি জালুকবাৰীত দিন দুপৰতে ডকাইতি হৈছে, হত্যাকাণ্ড  সংঘটিত হৈছে।বৰ্তমান গুৱাহাটী খন চোৰ ডকাইতৰ নিয়ন্ত্ৰণলৈ গুছি  গৈছে।অসম পুলিচ এই ক্ষেত্ৰত মৌন,নিদ্ৰামগ্ন হৈ শুই আছে।" এই গুৰুত্বপূৰ্ণ মন্তব্য  অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ।

মঙলবাৰে জাগীৰোড সমষ্টিৰ বুৰাবুৰীৰ  পৰা ঘগুৱা লৈ উলিওৱা পদযাত্ৰাত অংশগ্ৰহণ কৰি ভূপেন  বৰাই মুখ্যমন্ত্ৰীক সমালোচনা কৰি এই মন্তব্য কৰে। সাংবাদিকৰ আন এক  প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই লগতে কয় যে চুবুৰীয়া ৰাজ্যৰ লগত অসমৰ সম্পৰ্ক বিঘ্নিত  হৈ পৰিছে।এই সম্পৰ্ক বেয়া কৰি পেলাইছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ কথা বতৰা আৰু দুৰ্বল স্থিতিৰ বাবে চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন হৈছে।

ভূপেন বৰাই বুৰাবুৰী খেলপথাৰত অনুষ্ঠিত  সভাতো নৰেন্দ্ৰ  মোদী আৰু হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে।দুই  সহস্ৰাধিক  কংগ্ৰেছৰ নেতা কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত সভা খনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ভালে কেইগৰাকী নেতা উপস্থিত থাকে।

সভাত সাংসদ প্ৰদ্যুত বৰদলৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসন কালত  বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত ভাৰতৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰ লৈ  বিভাজনৰ ৰাজনীতি চলি থকাৰ কথা উল্লেখ কৰে। লগতে কয় যে দেশত আজি  ভাষা,ধৰ্ম, জাতি,সম্প্ৰদায়,ধনী,দুখীয়াৰ নামত চৰকাৰে ৰাজনীতি কৰি আছে।দেশ খন ভাগ ভাগ কৰি ঘৃণাৰ ৰাজনীতি বিয়পাই দিছে।দৰিদ্ৰতা আৰু  নিবনুৱাৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ আছে।

সাধাৰণ জনতা অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশ লংঘী মূল্যবৃদ্ধিৰ ফলত জুৰুলা হৈ পৰিছে।সেই ইছ্যু বোৰ তল পেলাবলৈ চৰকাৰে সময়ে সময়ে  বিভেদৰ ৰাজনীতিৰ বীজ সিঁচি দিয়ে।তাৰ পৰা পৰিত্ৰাণ পাবলৈ কংগ্ৰেছৰ নেতৃত্বত সমগ্ৰ দেশতে ভাৰত জোৰো যাত্ৰা আৰম্ভ হৈছে বুলি ভাষণত প্ৰকাশ কৰে নগাঁও লোক সভা সমস্তিৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে।

আজি মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ অন্তৰ্গত বুৰাবুৰীৰ পৰা ঘগুৱা লৈ উলিওৱা ভাৰত জোৰো যাত্ৰাৰ প্ৰাক ক্ষণত বুৰাবুৰী খেলপথাৰত অনুষ্ঠিত বিশাল সভাত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি প্ৰদ্যুত বৰদলৈয়ে লগতে কয় যে বিজেপি  দলে বিচৰা ধৰণৰ  দেশ আমাক নালাগে। আমাৰ কংগ্ৰেছ দলে সেই খন ভাৰত বিচৰা নাই,যি খন ভাৰতত ঘৃণা, হিংসা,আৰু সাম্প্রদায়িক ৰাজনীতি চলে।আমাক  লাগে সকলোকে একত্ৰিত কৰা মিলাপ্ৰীতিৰে থকা ধৰ্মনিৰপেক্ষ দলৰ চৰকাৰ।কংগ্ৰেছ দলে একত্রিত কৰে আৰু বিজেপি দলে ভাগ ভাগ কৰে।এইদৰে আজি প্ৰদ্যুত বৰদলৈয়ে চোকা সমালোচনা কৰে বিজেপি চৰকাৰক।

আৰু পঢ়ক: দিন বেয়া! ১ বছৰত ইলন মাস্কে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in