বিয়া কৰাই ঘৰ ত্যাগ! ৩ বছৰে পুত্ৰক বিচাৰি অৱশেষত মৃত্যু বৃদ্ধ পিতৃৰ...

নগাঁও জিলাৰ দক্ষিণপাট সত্ৰৰ এজন বৃদ্ধৰ মৃত্যুৰ সময়ত হোৱা এক কৰুণ কাহিনীয়ে সমগ্ৰ অঞ্চলজুৰি চৰ্চিত হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
বিয়া কৰাই ঘৰ ত্যাগ! ৩ বছৰে পুত্ৰক বিচাৰি অৱশেষত মৃত্যু বৃদ্ধ পিতৃৰ...

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ দক্ষিণপাট সত্ৰৰ এজন বৃদ্ধৰ মৃত্যুৰ সময়ত হোৱা এক কৰুণ কাহিনীয়ে সমগ্ৰ অঞ্চলজুৰি চৰ্চিত হৈ পৰিছে। দক্ষিণপাট সত্ৰৰ লোচন শইকীয়া আৰু লিলি শইকীয়াৰ একমাত্ৰ পুত্ৰ হৈছে তুলসী শইকীয়া ওৰফে শংকৰ। তুলসী শইকীয়াই তিনি বছৰ পূৰ্বে পিতৃ মাতৃৰ অমতত বিবাহ পাশত আৱদ্ধ হৈ ঘৰৰ পৰা ওলাই যায়।

Advertisment

একমাত্ৰ পুত্ৰ ওলাই যোৱাৰ পাছত বৃদ্ধ, দৰিদ্ৰ পিতৃ মাতৃয়ে বহু ঠাইত বিচাৰ খোচাৰ কৰি কোনো শুংসূত্ৰ উলিয়াব নোৱাৰি অৱশেষত ওচৰ চুবুৰীয়া সহায়ত আৰক্ষীৰ কাষ চাপে। কিন্তু স্থানীয় কেইবাজনো ব্যক্তিয়ে তুলসী শইকীয়াক গুৱাহাটী লগ পাই পিতৃ মাতৃয়ে একমাত্ৰ পুত্ৰক বিচাৰি হাবাথুৰি খাই থকা অৱগত কৰে যদিও কঠোৰ, নিৰ্দয় পুত্ৰই আজিলৈকে নিজ ঘৰলৈ ঘুৰিটো নাহিল। ওলোটাই গাঁৱৰ চিনাকি মানুহে পুনৰ লগ পাব বুলি নিজৰ ঠিকনা সলনি কৰি পেলায়।

একমাত্ৰ পুত্ৰৰ মুখ নেদেখি শোকত ভাগি পৰি শাৰিৰীক ভাৱে অসুস্থ পিতৃয়ে অৱশেষত বুধবাৰে নিশা ৮ বজাত মৃত্যুক সাৱটি লয়। শেষ মূহুৰ্তত এতিয়া স্থানীয় ৰাইজে এতিয়া বাট চাইছে পিতৃৰ বিয়োগৰ বাতৰি পাই ২৬ বছৰীয়া তুলসী শইকীয়া ঘৰলৈ ঘূৰি আহে। স্থানীয় লোকৰ দাবী তুলসী গুৱাহাটীৰ কোনোবা ঠাইত আত্মগোপন কৰি আছে। ৫ ফুট ৪ ইঞ্চি, বগা বৰণৰ তুলসী উৰফে শংকৰৰ কিবা সম্ভেদ পালে তাৎক্ষণিক ভাৱে ৬৯০০৭৩৪১৫৮ নম্বৰত ফোন কৰিবলৈ আহ্বান জনাইছে।

আৰু পঢ়ক: ৰাহুল গান্ধী দেখিবলৈ এতিয়া ছাদ্দাম হুচেইনৰে দৰে: হিমন্ত

nagaon assam