লামডিঙত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও স্থানীয়ৰ

বিদ্যুৎ যোগান নধৰাক কেন্দ্ৰ কৰি লামডিং নিশাই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

author-image
Asomiya Pratidin
New Update
লামডিঙত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও স্থানীয়ৰ

ডিজিটেল সংবাদ, লামডিংঃ বিদ্যুৎ যোগান নধৰাক কেন্দ্ৰ কৰি লামডিং নিশাই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। লামডিঙৰ সৰ্ব সাধাৰণ ৰাইজক প্ৰতিদিনে বিদ্যুতে জ্বলা-কলা খোৱাই অহাত ক্ষুব্ধ হৈ পৰে স্থানীয়লোক।

Advertisment

২৪ ঘণ্টাত কেৱল ৩-৪ ঘণ্টা বিদ্যুৎ যোগান ধৰাক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নিশা লামডিং বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত পুৰুষ মহিলাই বিজেপী চৰকাৰ মুৰ্দাবাদ, বিদ্যুৎ বিভাগ মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতি মাহে বিদ্যুতৰ বিল পূৰ্বতকৈও বহু গুণে বেছি অহাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ।

Also Read: ত্ৰিপুৰাত অসম অভিমুখী প্ৰায় ১০ কোটি টকাৰ হেৰ'ইন জব্দ

apdcl