ঘৰৰ বাৰীত উদ্ধাৰ নৰকংকাল

ঘৰৰ বাৰীত উদ্ধাৰ নৰকংকাল

author-image
Asomiya Pratidin
New Update
ঘৰৰ বাৰীত উদ্ধাৰ নৰকংকাল

ডিজিটেল সংবাদ, লামডিংঃ লামডিঙত পুনৰ চাঞ্চল্য। বিগত কিছু দিনৰ ভিতৰত লামডিঙত দুটাকৈ হত্যাকাণ্ডই জোকাৰি যোৱাৰ পিছতে পুনৰ এজন মানুহৰ নৰকংকাল উদ্ধাৰ হোৱাক লৈ আতংকিত হৈ পৰিছে লামডিঙৰ ৰাইজ ৷

Advertisment

এইবাৰ ঘটনা পূৱ লামডিং গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১ নং ৱাৰ্ডৰ নতুন বস্তিত । অঞ্চলটোত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা নৰকংকাল । জানিব পৰামতে সেই অঞ্চলৰে শান্তি ছেত্ৰী নামৰ পৰিয়ালটোৰ বাসগৃহৰ পিছফালে থকা ঘন হাবিত ছাগলী বান্ধিবলৈ গৈছিল শান্তি চেত্ৰীয়ে। প্ৰথমে মহিলাগৰাকীয়ে এটি মানুহৰ লাওখোলা প্ৰত্যক্ষ কৰে আৰু সমগ্ৰ ঘটনা লামডিং আৰক্ষীক জনায়৷

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হাবিত ভালকৈ বিচাৰ খোচাৰ কৰাত ক্ষত বিক্ষত অৱস্থাত এজন মানুহৰ নৰকংকাল উদ্ধাৰ হয় ৷ বৰ্তমান এই ঘটনাই সমগ্ৰ অঞ্চলবাসীক মাজত আতংকিত কৰি তুলিছে।

এই পৰ্যন্ত নৰকংকালটোৰ কোনো চিনাক্তকৰণ হোৱা নাই ৷ ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন কৰিবলৈ আৰক্ষীয়ে তদন্ত অব্য়াহত ৰাখিছে ৷

Also Read: ৮০ উৰ্দ্ধৰ গুনা ৰাম বৰুৱাই লিখি উলিয়ালে অনাদি অনন্ত কালৰ কেলেণ্ডাৰ

assampolice