৮০ উৰ্দ্ধৰ গুনা ৰাম বৰুৱাই লিখি উলিয়ালে অনাদি অনন্ত কালৰ কেলেণ্ডাৰ

৮০ উৰ্দ্ধৰ গুনা ৰাম বৰুৱাই লিখি উলিয়ালে অনাদি অনন্ত কালৰ কেলেণ্ডাৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা:  বাৰ্ধক্য কিম্বা শাৰীৰিক বাধাগ্ৰস্ততা সৃষ্টিশীল মনস্কতাত হেঙাৰ হ'ব নোৱাৰে। তাকেই যেন কাৰ্যতঃ প্ৰমাণিত কৰি দেখুৱালে এগৰাকী পৌড় ব্যক্তিয়ে। প্ৰাত্যহিক ব্যস্ততা আৰু  বাৰ্ধক্যৰ হেঁচায়ো তলাব নোৱাৰা এইগৰাকী বৰ্ষীয়ান  ব্যক্তিৰ অবিস্মৰণীয় সৃষ্টিশীলতা দেখি এতিয়া আচম্বিত হৈছে সকলো।

৮০ৰ দেওনা অতিক্ৰমা এইগৰাকী প্ৰচণ্ড মানসিক শক্তিৰ গৰাকীৰ নাম হল গুনা ৰাম বৰুৱা। ঢকুৱাখনা মহকুমাৰ বাঁহপৰা খামন গাঁওৰ বাসিন্দা এইগৰাকী গুনা ৰাম বৰুৱা। ওৰেটো জীৱন মানৱ সম্পদ গঢ় দিয়াৰ পৱিত্ৰ কৰ্মত জড়িত হৈ ২০১০ চনত শিক্ষকতাৰ বৃত্তিৰ পৰা আনুষ্ঠানিক ভাৱে অৱসৰ গ্ৰহণ কৰে বৰুৱাই। বিগত প্ৰায় ৬০ বছৰে আৰ্কেপ প্ৰাথমিক বিদ্যালয়, লেপং বালিজান প্ৰাথমিক বিদ্যালয়, কনোৱা পৰা প্ৰাথমিক বিদ্যালয়, খজুৱা নেপালী প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা আৰু প্ৰধান শিক্ষকতাৰে সেৱা আগবঢ়াই  ২০১০ চনত ন-খামন প্রাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে  এইগৰাকী শিক্ষাগুৰুৱে। 

অৱসৰ গ্ৰহণৰ পাছৰে পৰা সমাজ আৰু সভ্যতালৈ এক অন্যন্য আৰু অদ্বিতীয় উদ্ভাৱনী অৱদান আগবঢ়াই যোৱাৰ দুৰ্বাৰ বাসনা পুহি ৰাখিছিল বৰুৱাই। অৱশেষত প্ৰচণ্ড কৰ্মশক্তি সম্পন্ন বয়স্ক ব্যক্তি গৰাকীৰ বাসনাই যেন পূৰ্ণতা লাভ  কৰিলে। মাত্ৰ দুটা মাহৰ গৱেষণালব্ধ মানসিক কর্ষণৰ ফলশ্ৰুতিত বৰুৱাই প্ৰস্তুত কৰি উলিয়ালে এক অকল্পনীয়  কেলেণ্ডাৰ। সচৰাচৰ উপলব্ধ কেলেণ্ডাৰৰ এবছৰীয়া ম্যাদৰ পৰিবৰ্তে এইগৰাকী ব্যক্তিয়ে প্ৰস্তুত কৰি উলিয়াইছে অনাদি অনন্ত কাললৈ অৱধাৰিত  প্ৰাসংগিকতা আৰু ম্যাদ বিশিষ্ট এখন কেলেণ্ডাৰ। তীক্ষ্ণ বুদ্ধিমত্তা আৰু সাংখ্যিক চাতুৰ্য্যতাৰ পৰিকল্পিত ব্যৱহাৰ কৰি এমহীয়া গৱেষণাৰ অন্তত বৰুৱাই প্ৰস্তুত কৰি উলিয়াইছে অনাদি অনন্ত কালৰ বাবে ব্যৱহাৰযোগ্য এখন কেলেণ্ডাৰ। 

ঘৰতে বহি এইগৰাকী প্ৰবীণ উদ্ভাৱকে প্ৰথম বনালে ১ শতাব্দীৰ এখন, ২ শতাব্দীৰ ২খন আৰু পৰৱৰ্তী সময়ত  ৫, ৬, ৭ শতাব্দীৰ সুকীয়া সুকীয়া কেলেণ্ডাৰ। ইয়াৰ পাছতে  ১০০ বছৰৰ ম্যাদ বিশিষ্ট দিন বাৰ মাহৰ পৰিশুদ্ধ  তথ্যৰে ৫খন কেলেণ্ডাৰ বনাই । পৰিশেষত এক অবিস্মৰণীয় আৰু অদ্বিতীয় সাংখ্যিক পৰিগণনা ব্যৱহাৰ কৰি এই সকলো এখন কেলেণ্ডাৰতে সন্নিবিষ্ট কৰি এখন কেলেণ্ডাৰ হাতেৰে লিখি উলিয়াই। যাৰ কোনো ম্যাদ নাই । উদ্ভাৱক বৰুৱাৰ ভাষাত অনাদি অনন্ত কাললৈ গ্ৰহণযোগ্যতা থাকিব এইখন কেলেণ্ডাৰৰ।

মাত্ৰ ৭ খিলা কাগজৰ ১৪ পৃষ্ঠাৰ বুকুত চিৰকাললৈকে প্ৰাসংগিকতা থাকিব লগা এই  ব্যতিক্ৰমী আৰু অভিলেষ সৃষ্টিকাৰী কেলেণ্ডাৰখন ৰাইজৰ ব্যৱহাৰৰ বাবে ছপা আকাৰত প্ৰকাশ কৰা হৈছে । অহা ১অক্টোবৰত ছপা কেলেণ্ডাৰখন উন্মোচন কৰি ৰাইজৰ ব্যৱহাৰৰ বাবে উৎসৰ্গিত কৰা হ'ব বুলি বৰুৱাই জানিবলৈ দিয়ে।

প্ৰাথমিকভাৱে কেৱল অসমীয়া ভাষাত প্ৰকাশ কৰা এই দীৰ্ঘম্যাদী কেলেণ্ডাৰখন পৰৱৰ্তী সময়ত ইংৰাজী ভাষাত প্ৰকাশ কৰি বিশ্ববাসীৰ বাবে সাৰ্বজনীন কৰি তোলাৰ হেপাঁহ পুহি ৰখা বুলি প্ৰত্যযেৰে "অসমীয়া প্ৰতিদিন ডিজিটেল"ক জনালে উদ্ভাৱক গৰাকীয়ে। কেলেণ্ডাৰখন চোৱাৰ এক মেজিক পদ্ধতি কেলেণ্ডাৰখনত সন্নিবিষ্ট কৰি দিয়া বুলি জানিবলৈ দি  এইখনেই সাম্প্ৰতিক সময়ত বিশ্বৰ সৰ্বাধিক সময়ৰ বাবে প্ৰকাশ কৰি উলিওৱা একক অন্যন্য আৰু অদ্বিতীয় কেলেণ্ডাৰ হোৱাৰো দাবী কৰে উদ্ভাৱক বৰুৱাই।

জীৱনৰ ভাটি বেলা  প্ৰাত্যহিক কৰ্ম ব্যস্ততাৰ মাজতে সময় অতিবাহিত নকৰি সমাজ সভ্যতাৰ বাবে ব্যতিক্ৰমী উদ্ভাৱনী অৱদান আগবঢ়াই  যোৱাত আত্মনিয়োগ কৰা বৰুৱাক এই একক সৃষ্টিশীলতাই প্ৰাতঃস্মৰণীয় ব্যক্তিৰ শাৰীলৈ উত্তৰণ  যে ঘটাব সেয়া নিশ্চিত।

৮০ উৰ্দ্ধৰ গুনা ৰাম বৰুৱাই লিখি উলিয়ালে অনাদি অনন্ত কালৰ কেলেণ্ডাৰ
পুনৰ অশান্ত অঞ্চলৰূপে ঘোষণা মণিপুৰক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in