/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/5638fe21-1017-439c-a21a-df5b12ece3ae/lumding.jpg)
lumding
ডিজিটেল সংবাদ, লামডিং :লামডিঙত শুকুৰবাৰে সংঘটিত হোৱা গুলীচালনা ঘটনাৰ ৰহস্য ফাদিল। বহিঃৰাজ্যৰ চুপাৰি কিলাৰে সংঘটিত কৰিছিল গুলীচালনাৰ ঘটনা। ২ লাখ টকাৰ বিনিময়ত বিহাৰৰ দুজন লোকে সংঘটিত কৰিছিল এই ঘটনা।
ইতিমধ্যে ঘটনাৰে জড়িত ৬ জনকৈ অপৰাধীক কৰায়ত্ত কৰে লামডিং আৰক্ষীয়ে। ধৃত অনিল মালাকাৰ, তৰুণ চক্রৱৰ্তীৰ ভাইবোৱাৰী বুল্টি চক্রৱৰ্তী, বিহাৰৰ বেগুচৰাইৰ চাহেব ৰজক আৰু মোহন কুমাৰ।
আনহাতে, আন দুজন অপৰাধী মায়ঙৰ দীপক বিশ্বাস আৰু চন্দ্রপুৰৰ অজয় বৰ্মন। পৰকীয়া প্রেমৰ বাবেই এই ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আৰু পঢ়ক :ঢকুৱাখনাত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস উদযাপন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us