ঢকুৱাখনাত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস উদযাপন...

মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা (ইউ.ডি.এইচ.আৰ) আৰু ৰাষ্ট্ৰসংঘৰ প্ৰথমটো প্ৰথম সফলতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি বিশ্বজুৰি প্ৰতিবছৰে ১০ ডিচেম্বৰ দিনটো মানৱ

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস উদযাপন...

dhakuakhana

ডিজিটেল সংবাদ, ঢকুৱাখনা : মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা (ইউ.ডি.এইচ.আৰ) আৰু ৰাষ্ট্ৰসংঘৰ প্ৰথমটো প্ৰথম সফলতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি বিশ্বজুৰি প্ৰতিবছৰে ১০ ডিচেম্বৰ দিনটো মানৱ অধিকাৰ দিৱস হিচাবে পালন কৰা হয়। ৰাষ্ট্ৰসংঘই ১৯৪৮ চনৰ ১০ ডিচেম্বৰত এই দিবসটো ঘোষণা কৰাৰ পৰৱৰ্তী সময়ত শনিবাৰে ঢকুৱাখনাত শনিবাৰে এই দিৱস পালন কৰা হয়।

Advertisment

ঢকুৱাখনা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত এই আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস উদযাপন কৰা হয়। মহাবিদ্যালয় চৌহদত অনুষ্ঠিত এই দিৱসৰ কাৰ্যসূচীত সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বজুৰি মানৱ অধিকাৰৰ উদ্বেগজনক উলংঘনৰ দিশটোৰ ওপৰত বিস্তৃত আলোকপাত কৰি মূল ভাষণ আগবঢ়ায় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অমিয় কুমাৰ সন্দিকৈয়ে।

ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী ড০ পংকজ বৰাই আঁত ধৰা দিৱসৰ উদ্বোধন কৰে অধ্যক্ষ ড০ যোগানন্দ সূতে। মহাবিদ্যালয়ৰ গৰিষ্ঠ সংখ্যক শিক্ষক শিক্ষাৰ্থী উপস্থিত থকা দিৱসৰ কাৰ্যসূচীত দিৱসৰ লগত সংগতি ৰাখি বিভাগৰ উদ্যোগত প্ৰকাশ কৰি উলিওৱা ই জাৰ্নেল 'ৰিপাব্লিকান'ৰ দ্বিতীয় সংখ্যা শুভ উন্মোচন কৰে অধ্যাপক অমিয় কুমাৰ সন্দিকৈয়ে । 

দিৱসৰ কাৰ্যসূচীত মানৱ অধিকাৰ সুৰক্ষা সন্দৰ্ভত বহু কেইগৰাকী ব্যক্তিয়ে বিশ্লেষণ আগবঢ়ায়।

আৰু পঢ়ক : কোকৰাঝাৰত ৰাজস্থানৰ বিজ্ঞানীৰ দ্বাৰা সৰিয়হ খেতিৰ প্ৰশিক্ষণ প্ৰদান...

assam dhakuakhana