লামডিং ৰে'লৱে জংচনত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ

লামডিং ৰে'লৱে জংচনত বৃহৎ পৰিমাণৰ  বাৰ্মিজ চুপাৰি জব্দ

ডিজিটেল সংবাদ, লামডিংঃ লামডিঙত দুখনকৈ ৰে'লত ৰে'ল আৰক্ষীৰ অভিযান । অভিযানত ভাৰতীয় ৰে'লযোগে ৰাজ্যত অব্যাহত থকা বাৰ্মিজ চুপাৰিৰ ৰমৰমীয়া বেহা পুনৰবাৰ উৎখাত কৰিবলৈ সক্ষম হয় ৰে'ল বিভাগ ৷ ভাৰতীয় ৰে'লৰ শৌচালয়ৰ পৰা বেগে বেগে জব্দ কৰা হয় বাৰ্মিজ চুপাৰিখিনি৷

এক গোপন সূত্ৰৰ পম খেদি লামডিং ৰে'ল আৰক্ষীয়ে অৱধ আচাম এক্সপ্ৰেছ ৰে'লখনৰ পৰা ২৪ টা কাপোৰৰ বেগত আৰু তিনিচুকীয়া-লামডিং যাত্ৰীবাহী ৰে'লখনৰ সাধাৰণ শ্ৰেণীৰ ডবাৰ পৰা প্ৰায় ৫টা বস্তাত চুপাৰিখিনি জব্দ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, লামডিং ৰে'ল আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলাইছিল এই অভিযান ৷ ৰে'ল আৰক্ষীয়ে জানিব দিয়া মতে জব্দ কৰা বাৰ্মিজ চুপাৰিখিনিৰ বজাৰ মূল্য আনুমানিক ৫ লাখ টকা। ঘটনাৰ সন্দৰ্ভত বৰ্তমান ৰে'ল আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত৷

লামডিং ৰে'লৱে জংচনত বৃহৎ পৰিমাণৰ  বাৰ্মিজ চুপাৰি জব্দ
গোলাঘাটত কেকো সাপসহ ৩ সৰবৰাহকাৰীক আটক বন বিভাগৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in