/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/60a849de-77e3-498e-bdc1-2cbc74dbc6be/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ শুকুৰবাৰে গোলাঘাটৰ বন বিভাগে এক গোপন সূত্ৰৰ পম খেদি দুটাকৈ কেকো সাপ জব্দ কৰিছে। কেকো সাপ কেইটাৰ লগতে ৩জন যুৱককো আটক কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষী।
গোলাঘাটৰ এচিএফ আৰ পি বৰাৰ নেতৃত্ব চলা এক অভিযানত উদ্ধাৰ কৰা হয় কেকো সাপ কেইটা। উল্লেখ্য আটকাধীন লোক কেইজন হৈছে কাৰ্তিক দাস, ৰাজীৱ বাস্তৱ আৰু বিশাল বড়ো। বৰ্তমান জোনাকী নগৰস্থিত বনপ্ৰাধিকাৰীৰ কাৰ্যালয়ত তিনিওৰে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us