এইবাৰ ৰে'লৰ পৰা উদ্ধাৰ বাৰ্মিজ চুপাৰী

এইবাৰ ৰে'লৰ পৰা উদ্ধাৰ বাৰ্মিজ চুপাৰী

ডিজিটেল সংবাদ, লামডিংঃ ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ কলা বেহা৷ ডিমপুৰৰ পৰা প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহি·ৰাজ্যলৈও সৰৱৰাহ হৈ আছে চুপাৰীৰ বেহা ৷ ভাৰতীয় ৰে'লৰ লগতে ৰাষ্ট্ৰীয় ঘাই পথেৰেও সৰৱাহ কৰি আহিছে বাৰ্মিজ চুপাৰীৰ ব্যৱসায়। শুকুৰবাৰে লামডিং ৰে'ল আৰক্ষীয়ে লামডিঙত জব্দ কৰিছে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী ৷

একাংশ চোৰাং ব্যৱসায়ীয়ে বিভিন্ন পদ্ধতিৰে ৰেলযোগে বিভিন্ন নিষিদ্ধ সামগ্ৰী সৰৱৰাহ কৰি আহিছে ৷ এতিয়া ডিমাপুৰৰ পৰা বহি:ৰাজ্যলৈ ৰে'লৰ ডবাৰ পাৰ্চেলত বুকিং হৈ সৰৱৰাহ হয় চুপাৰী ৷ শুকুৰবাৰে নামনিমুৱা ১৫৯০৩ ডিব্ৰুগড় চণ্ডিগড় এস্কপ্ৰেছ ৰে'লখনৰ পাৰ্চেল ডবাত আহিছিল চুপাৰীখিনি ৷ ৰে'ল আৰক্ষীয়ে ৪০টা বস্তাত প্ৰায় ৩৮ কুইন্টল সন্দেহজনক বাৰ্মিজ চুপাৰী জব্দ কৰে ৷

জব্দ কৰা চুপাৰীখিনৰ বজাৰ মূল্য আনুমানিক প্ৰায় ১২লাখ টকা৷ প্ৰশ্ন হয় যে ভাৰতীয় ৰে'লত কিদৰে বাৰ্মিজ চুপাৰী বুকিং কৰা হয়? ইয়াৰ সৈতে ৰে'ল বিভাগৰ কোনো উচ্চপদস্থ বিষয়া জড়িত হৈ আছে নেকি? সকলো তদন্তৰ পিছতহে পোহৰলৈ আহিব ৷

এইবাৰ ৰে'লৰ পৰা উদ্ধাৰ বাৰ্মিজ চুপাৰী
সংস্কৃতি, শিল্প, বাণিজ্যৰ বৰ্ণাঢ্য সমহাৰেৰে উজ্জিৱীত হৈ পৰিছে 'নন্দিনী'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in