/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/09a8c5b6-d385-412b-a8c6-a796620e3422/AP_FOR_WEB_nandini_nandini.jpg)
সংস্কৃতি, শিল্প, বাণিজ্যৰ বৰ্ণাঢ্য সমহাৰেৰে উজ্জিৱীত হৈ পৰিছে 'নন্দিনী'
ডিজিটেল ডেস্কঃ ৰঙালী বিহুৰ প্ৰাকক্ষণত খানাপাৰাৰ ইণ্ডোৰ ষ্টেডিয়ামৰ বাকৰিত 'নন্দিনী' মেলা অনুষ্ঠান গীতে মাতে মুখৰিত হৈ পৰিল। পুৱা বিহু দলে বিহু প্ৰদৰ্শন কৰাৰ পাছত নিশা প্ৰায় ৮ বজাৰ পৰা অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত নুনমাটীৰ 'সমন্বয় ক্ষেত্ৰ'ই ঢোল, পেপা, গগণা, বাঁহী, নেগেৰা, খোল, তাল, বৰ ঢোল, মাদল, ডবা, টকাকে ধৰি বিভিন্ন থলুৱা বাদ্যৰ সমাহাৰেৰে এক আকৰ্ষণীয় অনুষ্ঠান পৰিবেশন কৰে। ইয়াৰ পিছতে সংগীত পৰিবেশন কৰে ৰাজ্যৰ জনপ্ৰিয় সংগীত শিল্পী নীলম নয়না, আৰোহণ বৰদলৈ আদিয়ে।
প্ৰতিদিন ইভেণ্টছ আৰু ষ্টয়িক ষ্টুডিঅ'ৰ উদ্যোগত আৰু টয়টাৰ সহযোগত অনুষ্ঠিত বাণিজ্যিক মেলাত ৰাজ্যৰ লগতে চুবুৰীয়া নাগালেণ্ড, জম্মু কাশ্মীৰ আদিৰ মহিলা উদ্যোগীৰ সমাহাৰ ঘটিছে। উদ্যোগী মহিলাসকলে হস্ত নিৰ্মিত বিভিন্ন অলংকাৰ, সাজপাৰ, গৃহ সজ্জা সামগ্ৰী, খাদ্য, দেশীয় সুৰাকে ধৰি বিভিন্ন সামগ্ৰী বিক্ৰী কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/890d10b0-76e3-48fd-8c69-c5b25bdf3ad1/22227df9_3de3_408b_8928_0703a3117ad5.jpg)
আজি পুৱা প্ৰায় ১১ বজাত জনপ্ৰিয় অভিনেতা যতীন বৰা, কপিল বৰা, অভিনেত্ৰী অমৃতা গগৈ, টপচেম চিমেণ্টৰ সঞ্চালক অনিল কাপুৰ আদিয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এই 'নন্দিনী' শীৰ্ষক বাণিজ্য মেলাত মাজুলীৰ মুখা শিল্পৰো কৰ্মাশালা অনুষ্ঠিত হৈছে।
শ্ৰীশ্ৰী চামগুৰী সত্ৰৰ মুখা শিল্পী খগেন গোস্বামীয়ে প্ৰশিক্ষণ প্ৰদান কৰা কৰ্মাশালত গুৱাহাটীৰ উপৰিও আন আম প্ৰান্তৰ কেইবাজনো পুৰুষ, মহিলা, কিশোৰ, কিশোৰীয়ে অংশগ্ৰহণ কৰিছে। আনহাতে উদ্যোগী মহিলাসকলে প্ৰথম দিনটোত গ্ৰাহকৰ সহাৰি আশাব্যঞ্জক বুলি মন্তব্য কৰাৰ লগতে আগন্তুক দুটা দিনত আৰু অধিক সহাৰি পোৱাৰ আশা প্ৰকাশ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/882689a4-06f7-4df4-9365-46707c6e6a17/e80145d9_3c8a_49b7_b9de_8ce69a2f2618.jpg)
উল্লেখ্য যে, ৩ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ ৬ এপ্ৰিল আৰু ৭ এপ্ৰিলত শনিবাৰে পুৱা ৯ বজাৰ পৰা নিশা ১০ বজালৈ মুকলি থাকিব। ৬ এপ্ৰিলত মহিলা উদ্যোগী সন্দৰ্ভত এক আলোচনা চক্ৰও অনুষ্ঠিত হ'ব। 'নন্দিনী'ৰ সম্পাদক মাইনী মহন্তই আঁতধৰিবলগীয়া এই অনুষ্ঠানত কেইবাগৰাকীও বিভিন্ন ক্ষেত্ৰত সফল মহিলাই অংশগ্ৰহণ কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/4b9cd7c6-2580-4b53-90b8-b837393db2fe/5bcc1792_7f44_4dac_af60_34bcf19669f0.jpg)
৭ এপ্ৰিলত কেইবাটাও হস্তশিল্পৰ কৰ্মাশালা অনুষ্ঠিত হোৱাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব। পৰৱৰ্তী দুয়োটা দিনতে সন্ধিয়া ৮ বজাৰ পৰা অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান। য'ত সমাহাৰ ঘটিব ৰাজ্যৰ বহু কেইগৰাকী জনপ্ৰিয় সংগীত শিল্পীৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/479e0fad-9cd5-4191-9cd1-80f372ea9db6/4f221508_fa2c_4df9_b5eb_b38f6b12164c.jpg)
Also Read: মুখা শিল্পৰ চৰ্চাৰেও খাব পাৰি ভাত...