লামডিং সাৰ্ব্বজনীন ৰঙালী বিহু সন্মিলনত জুবলী বৰুৱাৰ সংগীতানুষ্ঠান

ৰঙালী বিহু আনুষ্ঠানত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, উত্তৰ পূৰ্ব সীমান্ত ৰে'লৱে লামডিং ডিভিজন Sr. Divisional Personal Officerৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে
জুবলী বৰুৱাৰ সংগীতানুষ্ঠান
জুবলী বৰুৱাৰ সংগীতানুষ্ঠান

ডিজিটেল সংবাদ,লামডিংঃ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে ৰঙালী বিহুৰ আনন্দ। লামডিঙৰ ৰে'লৱে বিবেকানন্দ খেলপথাৰত ৭ আৰু ৮ মে'ত দুই দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় সাৰ্ব্বজনীন ৰঙালী বিহু সন্মিলন ,লামডিং ৷

আয়োজক সমিতিয়ে জনোৱা মতে ৰঙালী বিহুৰ অনুস্থানত সাংস্কৃতিক সন্ধিয়াৰ লগতে চৰাইদেউ বিহু দলটিকো আমন্ত্ৰণ জনোৱা হয়। অনুষ্ঠানত জনপ্ৰিয় শিল্পী জুবলী বৰুৱাৰ সংগীতানুষ্ঠানে লামডিঙবাসী ৰাইজক আনন্দিত কৰে ৷

ৰঙালী বিহু আনুষ্ঠানত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, উত্তৰ পূৰ্ব সীমান্ত ৰে'লৱে লামডিং ডিভিজন Sr. Divisional Personal Officerৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷ প্ৰথমবাৰৰ বাবে ৰে'লৱে বিভাগ লামডিং ডিভিজনৰ ফালৰ লামডিং সাৰ্ব্বজনীন ৰঙালী বিহু সন্মিলন সমিতিক ৫ লাখ টকাৰ অনুদান আগবঢ়াই বুলি জানিবলৈ দিয়ে Sr. DPO ৰে'লৱে বিষয়াগৰাকীয়ে লগতে তেওঁ বিহুৰ লগত জড়িত হ'বলৈ পাই নিজকে বহুত গৌৰৱ অনুভৱ কৰা বুলি উল্লেখ কৰে ।

জুবলী বৰুৱাৰ সংগীতানুষ্ঠান
কচুৱাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সংবাদ মেল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in