লামডিং বিহু কৰ্মশালাৰ সফল সামৰণি...

লামডিং বিহু কৰ্মশালাৰ সফল সামৰণি...

ডিজিটেল সংবাদ, লামডিংঃ ৰাজ্যত বাপুতি সাহন ৰঙালী বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে ৷ লামডিং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে ১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা বিহু নাচ আৰু ঢোল ,পেঁপা বাদনৰ প্ৰশিক্ষণৰ শুকুৰবাৰে সফল ভাৱে সামৰণি পৰে।

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ৰে'ল নগৰী লামডিং চহৰতো লামডিং আঞ্চলিক ছাত্ৰ সন্থাই এক প্ৰসংশনীয় পদক্ষেপ গ্ৰহণ কৰিছে । পোন প্ৰথমবাৰৰ বাবে লামডিং আঞ্চলিক সন্থাৰ উদ্যোগত যোৱা ১ এপ্ৰিল সোমবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ।

লামডিং শ্বহীদ মৈদানত অনুষ্ঠিত হোৱা এই ৫দিনীয়া কৰ্মশালাত ১১৬ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। শুকুৰবাৰে অন্তিম দিনৰ দিনা এই সামৰণি অনুষ্ঠানত বিভিন্ন ভাষা ভাষিৰ লোকে অংশগ্ৰহণে এক সম্বনয়ৰ বাৰ্তাও কঢ়িয়াই আনিছে।

লামডিং বিহু কৰ্মশালাৰ সফল সামৰণি...
'নন্দিনী'ৰ আজি দ্বিতীয় দিনঃ মহিলা উদ্যোগীৰ সামগ্ৰীলৈ ব্যাপক সহাৰি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in