'নন্দিনী'ৰ আজি দ্বিতীয় দিনঃ মহিলা উদ্যোগীৰ সামগ্ৰীলৈ ব্যাপক সহাৰি...

আলোচনা চক্ৰ, কৰ্মশালাকে ধৰি আছে একাধিক অনুষ্ঠান...
'নন্দিনী' ৰ আজি দ্বিতীয় দিনঃ মহিলা উদ্যোগীৰ সামগ্ৰীলৈ ব্যাপক সহাৰি...
'নন্দিনী' ৰ আজি দ্বিতীয় দিনঃ মহিলা উদ্যোগীৰ সামগ্ৰীলৈ ব্যাপক সহাৰি...

ডিজিটেল ডেস্কঃ প্ৰতিদিন ইভেণ্টছ আৰু ষ্টয়িক ষ্টুডিঅ'ৰ উদ্যোগত, টয়টাৰ সহযোগত খানাপাৰা ইণ্ডোৰ ষ্টেডিয়ামৰ বাকৰিত অনুষ্ঠিত হৈ থকা ব্যতিক্ৰমী অনুষ্ঠান 'নন্দিনী'ৰ আজি দ্বিতীয় দিন। পুৱা ৯ বজাৰ পৰাই দুৱাৰ মুকলি হোৱা 'নন্দিনী'ত আজি কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হ'ব।

মাজুলীৰ চামগুৰি সত্ৰৰ বিশিষ্ট মুখা শিল্পী খগেন গোস্বামীৰ তত্বাৱধানত মুখা শিল্পৰ প্ৰশিক্ষণৰ উপৰিও এখন আলোচনা চক্ৰ আৰু IOCL বঙাইগাঁৱৰ উদ্যোগত এক কৰ্মাশালা অনুষ্ঠিত হ'ব। ইয়াৰে আলোচনা চক্ৰখন মহিলা আলোচনী 'নন্দিনী'ৰ সম্পাদক তথা বিশিষ্ট লেখিকা মাইনী মহন্তই পৰিচালনা কৰিব।

য'ত কেইবগাৰীও সফল উদ্যোগী মহিলাই অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে অনুষ্ঠিত হ'ব ইণ্ডিয়ান অইল বঙাইগাওঁ লিমিটেডৰ এক কৰ্মশালা। য'ত উপস্থিত থাকিব IOCL বঙাইগাঁৱৰ মেটেৰিয়েলছ এণ্ড কণট্ৰেক্টৰ শাখাৰ প্ৰবন্ধক ৰূপা টাইকাম আৰু মেটেৰিয়েলছ শাখাৰ উপ প্ৰবন্ধনক বি কে সিং।

আনহাতে আজিৰ দিনটোতে উন্মোচন হ'ব এখন স্মৰণিকা। ইয়াৰোপৰি সন্ধিয়াৰ ভাগত আছে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান। য'ত ৰাজ্যৰ কেইবাজনো জনপ্ৰিয় কণ্ঠশিল্পীয়ে গীত পৰিবেশন কৰিব।

উল্লেখ্য যে, 'নন্দিনী' শীৰ্ষক এই ব্যতিক্ৰমী অনুষ্ঠানত অসমৰ উদ্যোগী মহিলাসকলক এখন মঞ্চ প্ৰদান কৰা হৈছে, য'ত তেওঁলোকৰ হস্ত নিৰ্মিত সামগ্ৰীৰ লগতে বিভিন্ন অলংকাৰ, সাজপাৰ, গৃহ সজ্জা সামগ্ৰী, প্ৰসাধন, থলুৱা পানীয়, খাদ্য সামগ্ৰী আদি বিক্ৰী কৰাৰ সুযোগ লাভ কৰিছে।

এই অনুষ্ঠানত অসমৰ উপৰিও নাগালেণ্ড আৰু জম্মু কাশ্মীৰৰো উদ্যোগী মহিলা গোটে অংশগ্ৰহণ কৰিছে। নিশা ১০ বজালৈ মুকলি থাকিবলগীয়া এই অনুষ্ঠানত গুৱাহাটীবাসীয়ে আহি বিহুৰ বাবে প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী ক্ৰয় কৰাৰ লগতে সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰিব পাৰিব। ৭ এপ্ৰিল, দেওবাৰে এই অনুষ্ঠানৰ অন্তিম দিন।

'নন্দিনী' ৰ আজি দ্বিতীয় দিনঃ মহিলা উদ্যোগীৰ সামগ্ৰীলৈ ব্যাপক সহাৰি...
মুখা শিল্পৰ চৰ্চাৰেও খাব পাৰি ভাত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in