লুইতপৰীয়া থিয়েটাৰৰ বছৰেকীয়া নাট্যযাত্ৰাঃ উদ্বোধনী অনুষ্ঠানত ভৱেশ কলিতা

লুইতপৰীয়া থিয়েটাৰৰ বছৰেকীয়া নাট্যযাত্ৰাঃ উদ্বোধনী অনুষ্ঠানত ভৱেশ কলিতা

ডিজিটেল ডেস্কঃ 'গুৰুজনাৰ সৃষ্টিৰাজিক অসমৰ প্ৰান্তে প্ৰান্তে নাট্যকলাৰ মাধ্যমেৰে প্ৰচাৰ কৰাত বড়ো জনগোষ্ঠীয় মূলৰ সাংস্কৃতিক কৰ্মী ডাঃ সানসোৰাং বসুমতাৰীৰ কথা সময়ে মনত ৰাখিব। অসমীয়া ভাষা সংস্কৃতি যে সমন্বয়ৰ আধাৰ, ভ্ৰাম্যমাণ তাৰ উৎকৃষ্ট উদাহৰণ আৰু লুইতপৰীয়া থিয়েটাৰ তাৰেই এক উজ্জ্বল স্বাক্ষৰ।'- এই মন্তব্য ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰ।

ৰঙিয়া সমষ্টিৰ অধীনস্থ গোৰেশ্বৰৰ পৰাই ৭ বছৰ আগতে আত্মপ্ৰকাশ কৰা লুইতপৰীয়া থিয়েটাৰৰ ২০২৩-২৪ বৰ্ষৰ নাট্যযাত্ৰাৰ শুভ উদ্বোধন কৰি কলিতাই কয় যে- ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ বিশাল সাংস্কৃতিক উদ্যোগ। ই শত সহস্ৰ জনৰ জীৱন আৰু জীৱিকাৰ মৰ্য্যাদা প্ৰদান কৰিছে। অসমৰ নাট্য আন্দোলনটোক সজীৱ আৰু সবল কৰি লৈ গৈছে। ভাল মনৰ মানুহেহে উৎকৃষ্ট সংস্কৃতিৰ শুভবাৰ্তা কঢ়িয়াই লৈ ফুৰিব পাৰে। তাৰেই এক জ্বলন্ত উদাহৰণ ডাঃ সানসোৰাং বসুমতাৰী।

বিগত ৭ টা বছৰত তেওঁ কেইবাখনো বাস্তৱধৰ্মী সামাজিক নাটক উপহাৰ দিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত মৰমৰ চকুলো, মেঘে বৰষা জুই, চকুপানীৰ সেন্দুৰ, চিৰিয়াখানাৰ বাঘ, ৰঙা গোলাপৰ প্ৰস্তাৱ, বিষাক্ত সেন্দুৰৰ ফোঁট আদি। সাংস্কৃতিক সাংবাদিক নজৰুল হকে আঁত ধৰা এই জাকত-জিলিকা অনুষ্ঠানটোত উপস্থিত আছিল বিশিষ্ট নাট্যকাৰ, পৰিচালক ধ্ৰুৱজ্যোতি শৰ্মা, লুইতপৰীয়া থিয়েটাৰৰ মুখ্য পৃষ্ঠপোষক ডাঃ সানসোৰাং বসুমতাৰী, প্ৰযোজক পুতুপ্রভা বসুমতাৰী, নাট্যকাৰ কবিন ৰাজ, নাট্যদলটোৰ পৰিকল্পক অৰুণ বায়ন, সাংস্কৃতিক সাংবাদিক অপূৰ্ব তালুকদাৰ প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি ।

নাট্যদলটোৰ এইবৰ্ষৰ নাট তিনিখন হ'ল- জনপ্ৰিয় নাট্যকাৰ, পৰিচালক অভিজিত ভট্টাচার্যৰ 'মাহী মাৰ মৰম', বিশিষ্ট নাট্যকাৰ, পৰিচালক ধ্ৰুৱজ্যোতি শৰ্মাৰ 'দেৱকন্যা' আৰু যুৱ নাট্যকাৰ কবিন ৰাজৰ 'অৰ্জুন'। চলিত বৰ্ষত লুইতপৰীয়াৰ মঞ্চ অভিনয়েৰে শুৱনি কৰিছে সুদৰ্শন অভিনেতা অৰূপ বৈশ্য, মোহময়ী অভিনেত্রী শৰ্মিষ্ঠা চক্ৰৱৰ্তী, সুদক্ষ অভিনেত্রী অঞ্জলী চেত্ৰী, তাৰক দাস, প্ৰদীপ বৰা, পাৰ্থ শৰ্মা, নয়ন কৌশিক, মৌচুমী সিং শৰ্মা, সুমন ভৰদ্বাজ, উৎপল শইকীয়া, হেমন্ত ৰাজ আদিৰ লগতে এদল অভিজ্ঞ নাট্যৰণুৱাই ।

লুইতপৰীয়া থিয়েটাৰৰ বছৰেকীয়া নাট্যযাত্ৰাঃ উদ্বোধনী অনুষ্ঠানত ভৱেশ কলিতা
জীয়াঢলৰ ভদীয়া বানত বুৰিল ধেমাজিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in