/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/5cdbe39e-195a-4035-8844-8d10ae16a691/ap_for_web_copy.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা মুষলধাৰ বৰষুণৰ ফলত ধেমাজিত জীয়াঢল নদীৰ বানত পুনৰ বুৰিল ভজো গাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ পাহাৰৰ পৰা নামি অহা জীয়াঢল কাংকু সুঁতিয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভজো গাওঁ অংশত তাণ্ডৱ সৃষ্টি কৰি আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/43e39b27-2e45-463a-ad19-be69bc47175e/43fdf5fb_c13e_43fb_9723_290654f55e5e.jpg)
ভজো গাওঁ, দুলুংকান, ঘেয়াৰী, চেঁচা, শালমাৰী, গৰৈমাৰী অঞ্চলো পুনৰ বানৰ কবলত। সোমবাৰে পুৱাৰে পৰা অৰুণাচল পাহাৰত নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত জীয়াঢলৰ বাঢ়নি পানী ফেনে-ফুটুকাৰে উফন্দি আহি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰে ডেৰ ফুট পৰ্যন্ত পানী বাগৰে ৷
Also Read: তিনিদিনীয়া ভ্ৰমণ সূচীৰে পত্নীসহ নামনিত ৰাজ্যপাল গুলাব চান্দ কাটৰীয়া...