মহাত্মা গান্ধীক অপমান ! প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে গোচৰ দিলে লুইত কুমাৰ বৰ্মনে...

হাতীগাওঁ আৰক্ষী থানাত দাখিল এফ আই আৰ

author-image
Asomiya Pratidin
New Update
এইবাৰ বিহুত বিহুৰ বাবে নহয়, নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব নৰেন্দ্ৰ মোডী...

মহাত্মা গান্ধীক অপমান ! প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে গোচৰ দিলে লুইত কুমাৰ বৰ্মনে...

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী প্ৰচাৰৰ মাজতে মহাত্মা গান্ধী সম্পৰ্কে কৰা মন্তব্যৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল ৰজত কমল বঁটা প্ৰাপ্ত চলচ্চিত্ৰ প্ৰযোজক লুইট কুমাৰ বৰ্মন। বুধবাৰে বৰ্মনে গুৱাহাটীৰ হাতীগাওঁ আৰক্ষী থানাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে দাখিল কৰিলে এফ আই আৰ।

Advertisment

এফ আই আৰত বৰ্মনে উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী প্ৰচাৰত আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীক তেওঁৰ ওপৰত নিৰ্মিত এখন চিনেমাৰ পাছতে বিশ্বই জানিছে বুলি মন্তব্য কৰিছে। মহাত্মা গান্ধীৰ সন্দৰ্ভত তেওঁৰ এই বক্তব্য অতি অপমানজনক আৰু এগৰাকী ভাৰতীয় নাগৰিক হিচাপে এনে অপমান সহ্য কৰিব নোৱাৰি। তেওঁক আমি জাতিৰ পিতা বুলি গণ্য কৰোঁ আৰু আমাক এই বিষয়ে বিদ্যালয়তো শিকোৱা হৈছে।

ইয়াৰোপৰি তেওঁ লিখিছে, এজন নাগৰিক হিচাপে, আমি মহাত্মা গান্ধীৰ অপমান সহ্য কৰিব নোৱাৰো। মহাত্মা গান্ধী জীৱনতকৈ ডাঙৰ আৰু তেওঁক পৃথিৱীত পৰিচয় কৰাই দিবলৈ কোনো চিনেমাৰ প্ৰয়োজন নাই। মহাত্মা গান্ধীক এখন চিনেমাৰ সৈতে তুলনা কৰি নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীৰ লগতে ভাৰতীয় জনতাক বদনাম কৰিছে।

এনে পৰিপ্ৰেক্ষততে বৰ্মনে প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক অনুৰোধ জনাইছে।

Also Read: দেৱলীনা হত্যাকাণ্ডৰ ১৪ টা দিন উকলিলঃ কাইলৈ সোণাৰি চাপৰিত ৰাজহুৱা আদ্যশ্ৰাদ্ধ

মহাত্মা গান্ধী নৰেন্দ্ৰ মোডী লুইত কুমাৰ বৰ্মন