দেৱলীনা হত্যাকাণ্ডৰ ১৪ টা দিন উকলিলঃ কাইলৈ সোণাৰি চাপৰিত ৰাজহুৱা আদ্যশ্ৰাদ্ধ

পুনৰ হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবী তুলিলে ৰাইজে

author-image
Asomiya Pratidin
New Update
দেৱলীনা হত্যাকাণ্ডৰ ১৪ টা দিন উকলিলঃ কাইলৈ সোণাৰি চাপৰিত ৰাজহুৱা আদ্যশ্ৰাদ্ধ

দেৱলীনা হত্যাকাণ্ডৰ ১৪ টা দিন উকলিলঃ কাইলৈ সোণাৰি চাপৰিত ৰাজহুৱা আদ্যশ্ৰাদ্ধ

ডিজিটেল সংবাদ ঢকুৱাখনা: অসম কপোৱা দেৱলীনা সোণোৱালৰ জঘণ্য হত্যাকাণ্ডই ইতিমধ্যে ১৪ টা দিন অতিক্ৰমিলে। এই বৰ্বৰ হত্যাকাণ্ডত প্ৰাণ হেৰুওৱা দুৰ্ভগীয়া দেৱলীনাৰ আত্মাৰ সদগতি কামনাৰে বৃহস্পতিবাৰে আয়োজন কৰা হৈছে ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ।

Advertisment

ঢকুৱাখনা মহকুমা মহিলা সমিতিৰ উদ্যোগত, সোণাৰি চাপৰি মহিলা সমিতিৰ সহযোগত বৃহস্পতিবাৰে দিনজোৰা কার্যসূচীৰে সোণাৰি চাপৰি আঞ্চলিক কৃষ্টি ভৱন প্ৰাঙ্গনত দেৱলীনাৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হ'ব। পুৱা ১০ বজাৰ পৰা দিনজোৰা মাংগলিক কাৰ্যসূচী আৰু ধৰ্মীয় পৰম্পৰাৰে নিৰ্বোধ কিশোৰী দেৱলীনাৰ আত্মাৰ সদগতি কামনাৰে আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰি পৰৱৰ্তী সময়ত হত্যাকাৰীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবীত ৰাজহুৱা প্ৰতিবাদৰ কৰ্মসূচী গ্ৰহণ কৰিব বুলি মহিলা সমিতিয়ে জানিবলৈ দিছে।

উল্লেখযোগ্য যে  সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত কেঁকুৰী কছাৰী গাঁৱৰ কিশোৰী ঢকুৱাখনা সদৰ থানাৰ নাৰায়ণপুৰ চাপৰি গাঁৱৰ বোৱাৰী দেৱলীনা সোণোৱালক বিবাহৰ তিনিটা মাহ অতিক্ৰম নৌ কৰোঁতেই যৌতুক বিচাৰি, গ্ৰাহস্থ্য হিংসাৰে অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছিল স্বামী পৱন বৰুৱাই।

তাৰোপৰি ঘৰত অভিভাৱক নথকাত সুযোগ লৈ দেৱলীনাক পৰিকল্পিতভাবে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল বুলিও ব্যাপক ৰাজহুৱা অভিযোগ উঠিছিল। সম্প্ৰতি ন্যায়িক জিম্মাত থকা পত্নীহন্তা স্বামী পৱন বৰুৱাৰ নাৰকীয় শাস্তিভোগী মৃত্যুক সাৱটি লোৱা দেৱলীনাৰ আত্মাৰ সদগতি কামনাৰে কাইলৈ ৰাজহুৱাভাবে অনুষ্ঠিত হ'ব আদ্যশ্ৰাদ্ধ ।

ন্যায়কামী শোকদগ্ধ ৰাইজৰ সহযোগিতাৰে অনুষ্ঠিত এই ৰাজহুৱা শ্ৰাদ্ধত সকলো ৰাইজৰ উপস্থিতিৰে মৃতক দেৱলীনাৰ প্ৰতি একাজলী শ্ৰদ্ধাৰ্ঘ জনাবলৈ মহিলা সমিতিয়ে আহ্বান কৰিছে ।

Also Read: ৰঙিয়াত লোকসভা নিৰ্বাচনৰ ভোট গণনাৰে জড়িত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ...

ঢকুৱাখনা