বিবাহ পাশত আৱদ্ধ হৈছিল লাভলীনা, বিচাৰিছে বিচ্ছেদ…

বিবাহ পাশত আৱদ্ধ হৈছিল লাভলীনা, বিচাৰিছে বিচ্ছেদ…

ডিজিটেল ডেস্ক: ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে বক্সাৰ লাভলীনা বৰগোঁহাইৰ এটি খবৰে। জানিব পৰা মতে বিবাহ-বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰিছে লাভলীনাই।

উল্লেখ্য যে, ২০১৮ চনত নৱনীত গোস্বামীৰ সৈতে আইনী বিবাহত আৱদ্ধ হৈছিল লাভলীনা। কামৰূপ ফেমেলী কোৰ্টত ইতিমধ্যে বিবাহ-বিচ্ছেদৰ বাবে আৱেদন দাখিল কৰিছে লাভলীনাই। বৰ্তমান পৰ্যন্ত বিবাহ-বিচ্ছেদৰ কাৰণ জানিব পৰা হোৱা নাই।

অলিম্পিকত পদক লাভ কৰাৰ সময়ত চৰ্চালৈ আহিছিল নৱনীত। সাক্ষাতকাৰত তেওঁৰ সৈতে সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰিছিল লাভলীনাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in