‘ননচেন্স’ শিক্ষক!

‘ননচেন্স’ শিক্ষক!

মৃদুল কুমাৰ সন্দিকৈ

ৰণোজ পেগু অসমৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী। এজন অত্যন্ত ভদ্ৰ লোক। গহীন-গম্ভীৰ আৰু স্ব- অধিকাৰ আৰু জনগোষ্ঠীয় লোকসকলৰ সমস্যাক লৈ দীৰ্ঘদিনৰ গণতান্ত্ৰিক সংগ্ৰামী সত্তাৰে ৰাজনীতিত ভৰি থোৱা অভিজ্ঞ লোক। শিক্ষামন্ত্ৰী হোৱাৰ পূৰ্বেই ৰণোজ পেগুৰ সেই পৰিচয়ে বহুতকে তেওঁৰ প্ৰতি শ্ৰদ্ধাশীল কৰি তুলিছিল।

ক্ষমতাৰ সোৱাদ নোপোৱাকৈয়ে তেখেতে যি পৰিচয় লাভ কৰিছিল সেয়া তেখেতৰ জাতি-জনগোষ্ঠীৰ প্ৰতি দায়বদ্ধতাৰ বাবে সম্ভৱ হৈছিল। কিন্তু শেহতীয়াকৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নগাঁৱৰ এখন বিদ্যালয় ভ্ৰমণ কৰাৰ সময়ত বিদ্যালয়খনৰ অধ্যক্ষকক দুৰ্ব্যৱহাৰ কৰাৰ উপৰিও অধ্যক্ষগৰাকীৰ কন্যাকো পৰোক্ষ-প্ৰতক্ষ্য ভাৱে অপমান কৰাৰ অভিযোগ উঠিছে।

ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া। ৪৭ জন শিক্ষক থকা এই বিদ্যালয়খনৰ পৰা মাত্ৰ ৮ গৰাকীয়েহে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। সেয়েহে বিদ্যালয়খনলৈ চাদেন ভিজিটৰ বাবে গৈছিল শিক্ষামন্ত্ৰী ৰণোজ পেগু।

১৬ জুন, ২০২২ত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই বিদ্যালয়খনৰ উপৰিও শালমৰা উচ্চ মাধ্যমিক, ৰহা উচ্চ মাধ্যমিক বিদ্যালয়ত চাদেন ভিজিট দিছিল। ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়লৈ গৈ সুন্দৰ আন্তঃগাঁথনি থকাৰ পিছতো বিদ্যালয়খনে কিয় ভাল ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰিলে তাক লৈ খঙত জাঙোৰ খাই উঠিল শিক্ষামন্ত্ৰী গৰাকী।

শিক্ষামন্ত্ৰী গৰাকীক বিদ্যালয়ে বেয়া ফলাফলৰ কাৰণ ব্যাখ্যা কৰিবলৈ লওতেই মন্ত্ৰী পেগুৱে ৰাজহুৱা ভাৱে বিদ্যালয়খনৰ অধ্যক্ষ গৰাকীক 'ননচেন্স' আখ্যা দি কেমেৰাৰ সন্মুখতেই গালি পাৰিলে। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অধ্যক্ষ গৰাকীৰ কন্যাই অষ্টম স্থান লাভ কৰিছিল।

সেই প্ৰসংগটো শিক্ষামন্ত্ৰীয়ে টানি আনি তেওঁ কেৱল নিজৰ কন্যাৰ ৰিজাল্টক লৈ ব্যস্ত থকা বুলি এক প্ৰকাৰে মেধাৱী ছাত্ৰী গৰাকীকো অপমান কৰিবলৈ নেৰিলে। দেউতাকৰ বিদ্যালয়ৰ ফলাফলৰ সৈতে সেই মেধাৱী ছাত্ৰীগৰাকীৰ মেধাক একাকাৰ কৰা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বেয়া ফলাফলক লৈ কেৱল প্ৰধান শিক্ষকসকলৰ ওপৰত সকলো দোষ জাপি দিয়াটো কিমান সমীচিন তাকলৈও প্ৰশ্ন উঠিছে।

সামগ্ৰিক ভাৱে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া। মুঠ ১০২ খন বিদ্যালয়ৰ অধ্যক্ষ, প্ৰধান শিক্ষকলৈ শিক্ষাবিভাগে বেয়া ফলাফলৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। ৫৪.৪৯ শতাংশ ছাত্ৰ-ছাত্ৰী ২০২২ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে।

চৰকাৰী বিদ্যালয় সমূহৰ ভিতৰত ২৫ খন বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ০ শতাংশ। ৭০ খন বিদ্যালয়ৰ ১০ শতাংশতকৈও কম ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। ৭ খন বিদ্যালয়ৰ উত্তীৰ্ণ হাৰ মাত্ৰ ১০ শতাংশ। এই বিদ্যালয় সমূহৰ ভিতৰত ১৪ খন কাছাৰৰ, ১৩ খন কাৰ্বি আংলঙৰ, ৯ খন গোৱালপাৰাৰ, ৮ খন যোৰহাটৰ, ৬ খন কামৰূপ মেট্ৰ'ৰ, ৬ খন ধুবুৰীৰ, ৫খন পশ্চিম কাৰ্বি আংলঙৰ, ৪ খন কৰিমগঞ্জৰ চৰকাৰী বিদ্যালয় আছে।

ফলাফল বেয়া হৈছে। শিক্ষা বিভাগ বা শিক্ষামন্ত্ৰীয়ে তৎপৰতা প্ৰদৰ্শন কৰিছে। কিয় বেয়া হৈছে ফলাফল তাৰ কাৰণ নিৰ্ণয়ৰ বাবে প্ৰশাসনৰ লোকৰ উপস্থিতিত অভিভাৱকক শিক্ষসকলৰ বৈঠক অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে। এইবোৰ ভাল পদক্ষেপ।

কিন্তু ফলাফল ঘোষণাৰ পাছত কোনো শিক্ষানুষ্ঠানৰ শিক্ষকক 'ননচেন্স' বুলি গালি পাৰিলেই সেই বিদ্যালয় সমূহৰ ফলাফল ভাল হৈ নাযায়। ইয়াৰ প্ৰকৃত কাৰণ কোনো এজন শিক্ষকক গালি পাৰিলেই ওলাই নাহে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শিক্ষকক ছফট টাৰ্গেট কৰিলে নেকি?

পূৰ্বতেও শিক্ষকসকলক এনেদৰে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আছে মন্ত্ৰীৰ বিৰুদ্ধে। সেই সময়ত সেই বিষয়টোক লৈ বহু চৰ্চা হৈছে। শিক্ষকসকলক অধিক দায়বদ্ধশীল কৰিবলৈ চৰকাৰৰ কঠোৰ নীতিৰ প্ৰয়োজন। শিক্ষক মানেই কেৱল এটা সংস্থাপন বা চাকৰি নহয়।

অসমৰ বেচৰকাৰী খণ্ডৰ শিক্ষক আৰু চৰকাৰী খণ্ডৰ শিক্ষকৰ মাজত পাৰ্থক্য আছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষকসকলৰ কেৱল দায়িত্ব এটা। সেই দায়িত্ব হ'ল ছাত্ৰ-ছাত্ৰীক সঠিক ভাৱে পাঠ-দান কৰা। ইয়াৰ বাদে তেওঁলোকৰ আন কোনো প্ৰাথমিক কাম নাথাকে।

কিন্তু চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ শিক্ষকসকলে কি কৰিব লাগে বা কি কাম কৰিবলৈ দিয়া হয় সেয়া এবাৰ শিক্ষামন্ত্ৰীয়েও ভাৱক। মধ্যাহ্ন ভোজনৰ বজাৰ কৰাৰ পৰা, নিৰ্বাচন আহিলেই নিৰ্বাচনী কাম-কাজত নিয়োগ কৰা এন আৰ চিৰ সময়ত এন আৰ চিৰ কামত, লোকপিয়লৰ সময়ত লোকপিয়লৰ কাম শিক্ষকৰ ওপৰতেই জাপি দিয়া হয়।

ইয়াৰ উপৰিও সদ্যহতে বিভিন্ন দিৱসৰ উদযাপন কৰি তাৰ ফটো, প্ৰতিবেদন জমা দিয়া, কভিডৰ সময়ত কভিড ভেকচিন দিয়া মানুহ বিচৰা, স্বাস্থ্য বিভাগৰ বিভিন্ন আঁচনি ৰূপায়ণৰ বাবে দায়িত্ব অৰ্পন, গুণোসৱ, ছাত্ৰ-ছাত্ৰীৰ আধাৰ কাৰ্ড, আন বহু কামৰ সৈতে শিক্ষক সকলক এনেকৈ জড়িত কৰা হয় যে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলৈ এইবোৰ কামৰ অন্ততহে আজৰি পায়।

ইয়াৰোপৰি নিয়মিত দৰমহা বা আন সা-সুবিধা নোপোৱাৰ বাবে শিক্ষক সকলে ৰাজপথত আন্দোলনো কৰিবলগীয়া হয়। শিক্ষকৰ মূল কাম তল পৰি ৰয়।এই দৃষ্টিকোণেৰেও শিক্ষক সকলক চাব লাগিব। কৰ্তব্যত গাফিলতি কৰা শিক্ষকক চিধা কৰক। কিন্তু শিক্ষক বুলিয়েই সকলো গালি, সকলো দোষ শিক্ষকৰ ওপৰত জাপি দিয়াৰ প্ৰৱণতা এৰক।

নিজ কন্যাক এনেদৰে গঢ়িব পৰা এজন শিক্ষকে কেতিয়াও তেওঁৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক অৱহেলা কৰিব নোৱাৰে। যদি ছাত্ৰ-ছাত্ৰী সকলক পঢ়োৱাব পৰাকৈ এক সামাজিক পৰিৱেশে নাথাকে তেনেহ'লে সেই ছাত্ৰ-ছাত্ৰীৰ পৰা ভাল ফলাফল আশা কৰিব পাৰিনে?

ছাত্ৰ-ছাত্ৰী আগ্ৰহ, শিক্ষকৰ যত্ন সকলো মিলিহে এক ফলাফল আশা কৰিব পাৰি। কাৰোবাক ননচেন্স বুলি গালি পাৰি শিক্ষামন্ত্ৰী মহোদয়ে কেতিয়াও শিক্ষা ব্যৱস্থাটোক সলনি কৰিব নোৱাৰে। মেট্ৰিকৰ বেয়া ফলাফলৰ বাবে শিক্ষক-শিক্ষয়িত্ৰী সকল যেনেদৰে দায়ী, সামগ্ৰিকভাৱে উত্তীৰ্ণৰ হাৰ কম হোৱাৰ বাবেও একেই দোষতে দায়ী নহ'বনে স্বয়ং শিক্ষামন্ত্ৰী গৰাকী?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in