কমনৱেল্থ গেমছ খেলিবলৈ যোৱা লাভলীনাক লৈ কাৰ যড়যন্ত্ৰ?

কমনৱেল্থ গেমছ খেলিবলৈ যোৱা লাভলীনাক লৈ কাৰ যড়যন্ত্ৰ?

author-image
asomiyapratidin
New Update
কমনৱেল্থ গেমছ খেলিবলৈ যোৱা লাভলীনাক লৈ কাৰ যড়যন্ত্ৰ?

ডিজিটেল ডেস্ক: কমনৱেল্থ গেমছৰ বাবে প্ৰস্ততি চলাই থকাৰ মাজতে অলিম্পিকৰ পদক জয়ী বক্সাৰ লাভলীনা বৰগোঁহাইয়ে টুইটাৰ যোগে এক গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিছে। বক্সাৰ গৰাকীয়ে অভিযোগ কৰা মতে তেওঁৰ ওপৰত এক প্ৰকাৰ নিৰ্যাতন চলোৱা হৈছে।

Advertisment

অলিম্পিকত পদক জয়ত অৰিহণা আগবঢ়োৱা দ্ৰৌণাচাৰ্য বঁটা বিজয়ী লাভলীনাৰ প্ৰশিক্ষকক সন্ধ্যা গুৰুঙক আঁতৰাই দিয়াৰ কাৰ্যত উদ্বিগ্ন লাভলীনা। আন দুজন প্ৰশিক্ষককো পলমকৈ শিবিৰত যোগদান কৰিবলৈ দিয়াত তেওঁৰ প্ৰস্তুতিত যথেষ্ঠ প্ৰভাৱ পৰিছে বুলি উল্লেখ কৰিছে লাভলীনাই।

ৱামিংহামৰ কমনৱেল্ড ব্লেজত প্ৰৱেশৰ বাবে গুৰুঙক অনুমতি দিয়া হোৱা নাই আৰু মাজত এই প্ৰতিযোগীতাৰ বাবে ৮ দিন থকা অৱস্থাত এনে কৰাৰ বাবে তেওঁ মানসিকভাৱে ভাহি পৰিছে। আনহাতে আন এজন প্ৰশিক্ষকক ভাৰতলৈ উভতাই পঠোৱা হৈছে।

লাভলীনাই লিখিছে- এই বিষয়টোৱে তেওঁক যথেষ্ঠ মানসিক শাস্তি দিছে।মই বুজিব পৰা নাই খেলত কেনেকৈ মই মনযোগ দিম।এনেবোৰ কাৰণতেই শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নতো মোৰ প্ৰদৰ্শন বেয়া হৈছিল। ইয়াক ৰাজনীতি আখ্যা  দি লাভলীনাই কমনৱেল্ড গেমছৰ ফলাফল মই বেয়া হোৱাতো নিবিচাৰো বুলি কৈ দেশৰ বাবে এই ৰাজনীতিৰ উৰ্ধলৈ গৈ মেডেল জয় কৰিব বিচাৰো বুলি উল্লেখ কৰিছে।

লাভলীনাৰ এই টুইটে উদঙাই দিছে যে লাভলীনাক লৈ কোনোবাই কৰবাত ষড়যন্ত্ৰ ৰচিছে। খেলুৱৈ গৰাকী কৰা টুইটক লৈ কৰা দেশ জুৰি ক্ৰীড়া মহলত খলকনিৰ সৃষ্টি হৈছে।

আৰু পঢ়ক: জাগীৰোডবাসীৰ অন্যায় হ'ব পৰা কোনো কাম আমি নকৰো ,কৰিবলৈও নিদিও: মন্ত্ৰী হাজৰীকা

sports lovlina borgohain