জাগীৰোডবাসীৰ অন্যায় হ’ব পৰা কোনো কাম আমি নকৰো ,কৰিবলৈও নিদিও: মন্ত্ৰী হাজৰীকা

জাগীৰোডবাসীৰ অন্যায় হ’ব পৰা কোনো কাম আমি নকৰো ,কৰিবলৈও নিদিও: মন্ত্ৰী হাজৰীকা

ডিজিটেল ডেস্ক: অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা জাগীৰোড বিধানসভা সমষ্টিৰ বিধায়ক পীযুষ হাজৰীকাই সোমবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জাগীৰোড কলা মন্দিৰত অনুষ্ঠিত ভূমি পট্টা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে | অনুষ্ঠানত আজি জিলা প্ৰশাসনৰ উদ্যোগত জাগীৰোড বিধানসভা সমষ্টিৰ ৩৬ খন ৰাজহ গাঁৱৰ ৮১৫ টা খিলঞ্জীয়া পৰিয়ালৰ মাজত ভূমি পট্টা বিতৰণ কৰা হয় | ইয়াৰে ভিতৰত ১৬৪ টা তিৱা জনজাতিৰ পৰিয়াল থকাৰ লগতে মুঠ ৪৯৪ টা অনুসূচীত জনজাতিৰ পৰিয়ালে ভূমি পট্টা লাভ কৰে |

আজিৰ ভূমি পট্টা বিতৰণ অনুষ্ঠানত নিজৰ বক্তব্য ৰাখি মন্ত্ৰী হাজৰীকাই কয় যে জাগীৰোডবাসীক সকাহ দিয়াৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰে বহুকেইটা কাম ইতিমধ্যেই কৰিছে | ৰাজহ নগৰৰ আওতাৰ পৰা জাগীৰোডক আঁতৰাই ভূমি পঞ্জীয়নৰ ক্ষেত্ৰত প্ৰিমিয়ামৰ মূল্য হ্ৰাস কৰাৰে পৰা আজি খিলঞ্জীয়া লোকৰ মাজত বিনামূলীয়া ভূমি পট্টা বিতৰণ লৈকে চৰকাৰে বহুকেইটা কাম কৰিছে | বিগত বহুকেইটা দশক চৰকাৰৰ পৰা ভূমি পট্টা লাভ কৰিবলৈ বঞ্চিত হোৱাৰ পাছত আজি পট্টা লাভ কৰি একাংশ লোকে মন্ত্ৰীগৰাকীৰ ভাষণৰ মাজতে নিজৰ উচ্চাস প্ৰকাশ কৰি কয় যে প্ৰায় ৭২ বছৰৰ অন্তত তেঁওলোকে আজি ভূমি পট্টা লাভ কৰিবলৈ সক্ষম হ'ল |

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এগৰাকী আদিবাসী মহিলা দেশখনৰ ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰাৰ দিনটোত খিলঞ্জীয়া লোকৰ মাজত ভূমি পট্টা বিতৰণ কৰিবলৈ পাই তেঁও গৌৰৱ অনুভৱ কৰিছে | আনহাতে একাংশ লোকে চৰকাৰে জাগীৰোডৰ ট্ৰাইবেল বেল্টৰ মাটি কাঢ়ি লোৱা বুলি অপপ্ৰচাৰ চলাই থকা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰে অসমৰ খিলঞ্জীয়া লোকৰ পৰা মাটি কাঢ়ি ল'ব নোখোজে, বৰঞ্চ খিলঞ্জীয়া লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈহে প্ৰতিশ্ৰুতিবদ্ধ আৰু আজিৰ ভূমি পট্টা বিতৰণ তাৰেই উদাহৰণ|

মন্ত্ৰীগৰাকীয়ে কয়, "একাংশই তিনিখন জিলাৰ পৰা ৩০০ মানুহ আনি জাগীৰোডত মোৰ বিৰুদ্ধে প্ৰতিবাদ কৰে, পথ অৱৰোধ কৰে, কিন্তু জাগীৰোডৰ খিলঞ্জীয়া মানুহৰ বাবে চিন্তা কৰিবলৈ তেঁওলোকৰ সময় নোলায়" | ১৬৪ টা তিৱা পৰিয়ালকে ধৰি মুঠ ৪৯৪ টা জনজাতীয় পৰিয়ালক আজিৰ অনুষ্ঠানত ভূমি পট্টা দিয়াৰ কথা উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে অসম চৰকাৰে জনজাতীয় মানুহখিনিক কোনোদিনে অন্যায় কৰা নাই আৰু আনকো কৰিবলৈ নিদিয়ে |

আনহাতে সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে ট্ৰাইবেল বেল্টত কোনো ধৰণৰ আঘাত নকৰাকৈ যদি ভৱিষ্যতে ৰাজ্যখনৰ ৰাজধানী জাগীৰোড পৰ্যন্ত প্ৰসাৰ হ'ব খোজে সেয়া সমষ্টিবাসীৰ বাবে ভাল কথাহে হ'ব | কিয়নো ৰাজধানীৰ প্ৰসাৰ হোৱাৰ লগে লগে অন্যান্য উন্নয়নৰ লগতে স্থানীয় ৰাইজৰ মাজতো চাকৰি আদি নিয়োগৰ সুবিধা লাভ কৰাৰ অৱকাশ থাকিব |

মন্ত্ৰী হাজৰীকাই আৰু কয় যে জাগীৰোড সমষ্টিবাসীৰ ওচৰত তেঁও দায়বদ্ধ আৰু তেঁওলোকৰ উন্নয়নৰ বাবে মন্ত্ৰীগৰাকীয়ে সকলো খিনি কাম কৰিবলৈ সাজু | বিগত সময়ত জাগীৰোডবাসীক বানৰ পৰা ৰেহাই দিয়াৰ স্বাৰ্থত লাহৰীঘাটত কম সময়ৰ ভিতৰতে মথাউৰি নিৰ্মাণ কৰি বহু পৰিমাণে সমষ্টিটোত বান নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি তেঁও লগতে কয় যে নেলী আদি অঞ্চলক বানৰ পৰা ৰক্ষা কৰিবলৈ ইতিমধ্যেই শ্লুইচ গেট নিৰ্মাণ হৈ আছে আৰু অহা বাৰিষাৰ আগতে ই কাৰ্যক্ষম হৈ উঠিব |

সমষ্টিবাসীৰ সুখ দুখ সকলোতে তেঁওলোকৰ লগত আছে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে সমষ্টিৰ প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক একোখন গামোছা আৰু নগদ টকাৰে তেঁওৰ প্ৰতিনিধিয়ে সম্বৰ্ধনা জনাইছে, সমষ্টিবাসীৰ কোনোবাই বেমাৰ আজাৰৰ বাবে গুৱাহাটীত চিকিৎসা কৰিবলৈ আহিলেই প্ৰয়োজন অনুসৰি আৰ্থিক সাহাৰ্য প্ৰদান কৰিছে অথবা কোনোবা ঢুকুৱাৰ সময়তো তেঁও মাত দিয়াৰ প্ৰয়াস কৰিছে |

আনহাতে জাগীৰোড সমষ্টিটোৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অথবা ডিভাইদাৰত ব্যক্তিগত প্ৰচেষ্টাত এজাৰ গছ লগোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰীগৰাকীয়ে যোৰাবাটৰ পৰাই এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰত এজাৰ আৰু সোণাৰু গছ ৰোপন কৰাৰ প্ৰয়াস কৰিছে বুলি উল্লেখ কৰে | আনহাতে একাংশ লোকে মিছা কথা কৈ জাগীৰোডৰ ৰাইজক বিপথে পৰিচালনা কৰাৰ অপচেষ্টা কৰাৰ বিপৰীতে মন্ত্ৰী পীযুষ হাজৰীকাই জাগীৰোডৰ উন্নয়নৰ বাবে আৰু সমষ্টিটোৰ তিৱা অথবা আন জনজাতীয় ভাই ভনীসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে সকলো কাম কৰিব বুলি আজিৰ অনুষ্ঠানত সকলোকে প্ৰতিশ্ৰুতি দিয়ে |

ভূমি পট্টা বিতৰণ অনুষ্ঠানটোত মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত আছিল মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তুলসী বৰদলৈ, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজ্যোতি নেওঁগ আৰু আন প্ৰশাসনীয় বিষয়াসকল |

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in