কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিল্লীৰ বাসভৱনত লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা

অদম্য মনোবল আৰু একাগ্ৰতাৰে কঠোৰ পৰিশ্ৰম কৰি যোৱা। মোৰ দৃঢ় বিশ্বাস- পৰৱৰ্তী অলিম্পিকত তুমি নিশ্চিতভাৱে মেডেল জয় কৰিবা : সৰ্বানন্দ সোণোৱাল

author-image
Asomiya Pratidin
New Update
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিল্লীৰ বাসভৱনত লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে তেওঁৰ নতুন দিল্লীৰ বাসভৱনত প্ৰথিতযশা বক্সাৰ লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জ্ঞাপন কৰি উৎসাহিত কৰে। সোণোৱালে লাভলীনাক উদ্দেশ্যে কয়, "অদম্য মনোবল আৰু একাগ্ৰতাৰে কঠোৰ পৰিশ্ৰম কৰি যোৱা। মোৰ দৃঢ় বিশ্বাস- পৰৱৰ্তী অলিম্পিকত তুমি নিশ্চিতভাৱে মেডেল জয় কৰিবা"

Advertisment

সৰ্বানন্দ সোণোৱাল লগতে উল্লেখ কৰে, "টকিঅ' অলিম্পিক ২০২০ত ব্ৰঞ্জৰ পদক জয়েৰে অসমৰ বাবে এক নতুন ইতিহাস সৃষ্টি কৰা লাভলীনাই পেৰিছ অলিম্পিক ২০২৪তো প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে দুৰন্ত প্ৰদৰ্শন দাঙি ধৰি ক্ৰীড়াপ্ৰেমীক মুগ্ধ কৰিছে। অলপৰ বাবে এইবাৰ মেডেল জয়ৰ পৰা বঞ্চিত হ'লেও লাভলীনাই সুন্দৰ খেলেৰে সকলোৰে হৃদয় জয় কৰিলে।

লাভলীনাই অনাগত দিনবোৰত ন উদ্যমেৰে পুনৰ ক্ৰীড়াক্ষেত্ৰত উজলি উঠি দেশৰ সুনাম বৃদ্ধি কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। এইক্ষেত্ৰত আমাৰ তৰফৰপৰা যথাসম্ভৱ সকলো সহযোগিতা আগবঢ়োৱা হ'ব। লাভলীনালৈ থাকিল অনাগত দিনবোৰৰ বাবে অশেষ শুভকামনা।"

Also Read: ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয় পৰিচালনা সমিতিৰ সভা

lovlina borgohain sarbananda sonowal