চৰ্চিত: গ্ৰেণ্ড ফাইনেল আৰু নয়নজ্যেতি-শান্তা...

প্ৰতিযোগী দ্বয় ক্ৰমে তিনিচুকীয়াৰ নয়নজ্যোতি শইকীয়া আৰু নগাঁৱত জন্ম গ্ৰহন কৰা শান্তা শৰ্মা
চৰ্চিত: গ্ৰেণ্ড ফাইনেল আৰু নয়নজ্যেতি-শান্তা...

ডিজিটেল ডেস্ক: আমি প্ৰতিজনেই কম-বেছি পৰিমাণে ৰন্ধনৰ লগত জড়িত। দৈনন্দন জীৱনত প্ৰতিজনেই নিজৰ বা আত্মীয়ৰ বাবে এসাঁজ ৰন্ধাৰ অভিজ্ঞতা সকলোৰে আছে। কোনোয়ে যদি নিজৰ প্ৰয়োজনৰ বাবে ৰান্ধে কোনোৱে আকৌ ৰন্ধাৰ সমান্তৰাল ভাৱে সুন্দৰকৈ পৰিৱেশন কৰিও ভাল পায়।

আমাৰ সমাজত পূৰ্বতে ৰন্ধনৰ ক্ষেত্ৰত মহিলাই ৰন্ধাৰ বিপৰীতে ৰাজহুৱা ক্ষেত্ৰত পুৰুষ সকলে ৰন্ধাৰ উদাহৰণ আছে। সময়ৰ গতিত বৰ্তমান ৰন্ধন কাৰ্যত পুৰুষ-মহিলা হিচাপে বিভাজন কমি অহাৰ সমান্তৰাল ভাৱে কলা সুলভ এই দিশটো বৰ্তমান প্ৰতিযোগিতাৰ ঢৌত নামি পৰিছে।

সুস্বাদু ৰন্ধনৰ সমান্তৰাল কৈ খাদ্য সুন্দৰকৈ পৰিৱেশন কৰিব পৰাটোও এক প্ৰকাৰৰ কলা। যি কলাৰ বাবে বৰ্তমান সমগ্ৰ বিশ্বতে আদৰ লাভ কৰিছে ৰন্ধন শিল্পীসকলে। ৰন্ধন শিল্পীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে বহু অনুষ্ঠান তথা ৰিয়েলিটি শ্ব'য়ে গা কৰি উঠাৰ পৰিলক্ষিত হৈছে। তেনে এক ভাৰতীয় ৰিয়েলিটি শ্ব' হ'ল "মাষ্টাৰ চেইফ ইণ্ডিয়া"।

২০১০ চনৰ পৰাই চনি টিভি ইণ্ডিয়াই আয়োজন কৰা এই "মাষ্টাৰ চেইফ ইণ্ডিয়া" শ্ব'টোৱে ২০২৩ বৰ্ষত "চিজন-৭"ৰ আয়োজন কৰে। দৰ্শকৰ মাজত আৰম্ভণিৰে সমাদৰ লাভ কৰা এই শ্ব'টোত ২০২৩ বৰ্ষৰ "চিজন-৭"ত আছে অসমৰ দুগৰাকীকৈ প্ৰতিযোগী। প্ৰতিযোগীদ্বয় ক্ৰমে তিনিচুকীয়াৰ নয়নজ্যোতি শইকীয়া আৰু নগাঁৱত জন্ম গ্ৰহন কৰা শান্তা শৰ্মা

ৰন্ধন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দুয়োগৰাকী অসমৰ প্ৰতিযোগীয়ে পৰ্যায়ক্ৰমে আগবাঢ়ি "টপ-৩" অৰ্থাৎ ফাইনেলক প্ৰৱেশ কৰিছে। অসমৰ দুয়োগৰাকী প্ৰতিযোগীসহ মুম্বাইৰ সুবৰ্ণা গিল আছে এই "টপ-৩" তালিকাত। ৩১ মাৰ্চৰ সন্ধিয়া চনি টিভিত সম্প্ৰচাৰিত হ'ব লগীয়া এই অনুষ্ঠানটিৰ ফলাফল ঘোষণাৰ বাবে এতিয়া অধীৰ আগ্ৰহেৰে বাট চাই আছে দৰ্শকসকল।

ইপিনে অসমৰ প্ৰতিযোগী নয়মজ্যোতি শইকীয়াই "মাষ্টাৰ চেইফ ইণ্ডিয়া"ৰ বিজয়ী খিতাপ দখল কৰাৰ কথা ইতিমধ্যেই সামাজিক মাধ্যমত প্ৰকাশ পাইছে। প্ৰতিযোগী গৰাকীয়ে হাতত বিজয়ী পুৰস্কাৰ লৈ থকা ফটো ভাইৰেল হোৱাৰ পিছতেই এই খবৰ বিয়পি পৰে। উল্লেখ্য যে, শান্তা শৰ্মাই অসমৰ ৰেঙনি নামাৰ চেনেলটোৰ "গৃহিনী চুপাৰষ্টাৰ চিজন-২" নামৰ ৰন্ধন প্ৰতিযোগিতাৰ বিজয়ী খিতাপ দখল কৰিছিল। গতিকে সম্প্ৰতি প্ৰতিযোগী দুগৰাকীয়ে বিশেষ চৰ্চা লাভ কৰিছে।

চৰ্চিত: গ্ৰেণ্ড ফাইনেল আৰু নয়নজ্যেতি-শান্তা...
আন্তঃৰাষ্ট্ৰীয় চিত্ৰশিল্পীৰ দ্বাৰা সম্বৰ্ধিত প্ৰতিদিন টাইমৰ গহপুৰৰ সাংবাদিক...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in