অসমত ৩টা পৰ্যায়ত লোকসভা নিৰ্বাচন...

অসমত ৩টা পৰ্যায়ত লোকসভা নিৰ্বাচন...

ডিজিটেল ডেস্কঃ আনুষ্ঠানিকভাৱে ২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ দিন ষোষণা কৰিলে নিৰ্বাচনী আয়োগে। দেশত ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব লোকসভা নিৰ্বাচন । এইবছৰ দেশত ৭টা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন ।

উল্লেখযোগ্য যে অসমৰ ১৪ টা সমষ্টিৰ ভোটগ্ৰহণ প্ৰথম ৩ টা পৰ্যায়ত অনুষ্ঠিত হ'ব। ১৯ এপ্ৰিল পৰা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৫টা সমষ্টিত অনুষ্ঠিত হ'ব। কাজিৰঙা, শোণিতপুৰ, ডিব্ৰুগড়, লখিমপুৰ আৰু যোৰহাটত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব দৰং-ওদালগুৰি, ডিফু(ST), কৰিমগঞ্জ, শিলচৰ(SC), নগাওঁত। বৰপেটা, কোকৰাঝাৰ(ST), ধুবুৰী, গুৱাহাটীত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হব ৭মে'ত।

অসমত ৩টা পৰ্যায়ত লোকসভা নিৰ্বাচন...
মুঠ ৭ টা পৰ্যায়ত হ'ব নিৰ্বাচনঃ সাজু ৫৫ লাখ EVM, ১.৫ কোটি নিৰাপত্তাৰক্ষী, ৪ লাখ বাহন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in