মুঠ ৭ টা পৰ্যায়ত হ'ব নিৰ্বাচনঃ সাজু ৫৫ লাখ EVM, ১.৫ কোটি নিৰাপত্তাৰক্ষী, ৪ লাখ বাহন...
মুঠ ৭ টা পৰ্যায়ত হ'ব নিৰ্বাচনঃ সাজু ৫৫ লাখ EVM, ১.৫ কোটি নিৰাপত্তাৰক্ষী, ৪ লাখ বাহন...

মুঠ ৭ টা পৰ্যায়ত হ'ব নিৰ্বাচনঃ সাজু ৫৫ লাখ EVM, ১.৫ কোটি নিৰাপত্তাৰক্ষী, ৪ লাখ বাহন...

ডিজিটেল ডেস্কঃ আজিৰে পৰা দেশত কাৰ্যকৰী হ'ল নিৰ্বাচণী আচৰণবিধি। আনুষ্ঠানিকভাৱে ঘোষণা হ'ল অষ্টাদশ লোকসভা নিৰ্বাচনৰ তাৰিখ। লোকসভা নিৰ্বাচনৰ উপৰিও চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰো দিন ঘোষণা কৰিলে আয়োগে। মুঠ ৭ টা পৰ্যায়ত অনুষ্ঠিত হ'ব এইবাৰৰ লোকসভা নিৰ্বাচন।

নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং ছান্ধুৱে নতুন দিল্লীৰ বিজ্ঞান ভৱনত সংবাদ মেল সম্বোধন কৰি ঘোষণা কৰিলে নিৰ্বাচনৰ তাৰিখে। সেই অনুসৰি মুঠ ৭ টা পৰ্যায়ত ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব নিৰ্বাচন। ভোটগণনা অনুষ্ঠিত হ'ব ৪ জুনত।

User

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ২৬ এপ্ৰিলত। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৭ মে', চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ ১৩ মে', পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ ২০ মে', ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ ২৬ মে' আৰু সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ১ জুনত।

আনহাতে অন্ধ্ৰপ্ৰদেশ, উৰিষ্যাৰ বিধানসভা নৰ্বাচন অনুষ্ঠিত হ'ব ১৩ মে'ত। অৰুণাচল আৰু ছিকিমৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ১৯ এপ্ৰিলত। চাৰিওখন ৰাজ্যত ভোট গণনা হ'ব ৪ জুনতেই। ইফালে ১৪ খন ৰাজ্যৰ ২৬ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন।

User

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব মুঠ ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত। ইয়াৰে ১০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আটাইকেইটা লোকসভা সমষ্টিতে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ১১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আংশিকভাৱে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। সেইদিনা মুঠ ১০২ টা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

দ্বিতীয় পৰ্যায়ত মুঠ ১৩ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৯ টা সমষ্টিত অনুষ্ঠিত হ' ভোটগ্ৰহণ। ইয়াৰে এখন ৰাজ্যত সম্পূৰ্ণকৈ আৰু ১২ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত আংশিকভাৱে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

তৃতীয় পৰ্যায়ত মুঠ ১২ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলত হ'ব ভোটগ্ৰহণ। এই পৰ্যায়ত মুঠ ৯৪ টা লোকসভা সমষ্টিত হ'ব ভোটগ্ৰহণ। ইয়াৰে ৩ খন ৰাজ্যত সম্পূৰ্ণকৈ আৰু ৯ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলত আংশিকভাৱে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

চতুৰ্থ পৰ্যায়ত ১০ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬ খন আসনৰ বাবে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। ইয়াৰে ২ খন ৰাজ্যত সম্পূৰ্ণকৈ আৰু ৮ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত আংশিকভাৱে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

পঞ্চম পৰ্যায়ত মুঠ ৮ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। ইয়াৰে ১ খন ৰাজ্যত সম্পূৰ্ণ ভোটগ্ৰহণ হোৱাৰ বিপৰীতে ৭ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলত আংশিকভাৱে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

ষষ্ঠ পৰ্যায়ত মুঠ ৭ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। ইয়াৰে ২ খন ৰাজ্যত সম্পূৰ্ণকৈ আৰু ৫ খন ৰাজ্যত আংশিকভাৱে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

সপ্তম তথা অন্তিম পৰ্যায়ত মুঠ ৮ খন ৰাজ্যত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। এই পৰ্যায়ত মুঠ ৫৭ খন আসনৰ বাবে হ'ব ভোটগ্ৰহণ।

User

অসমৰ ১৪ টা সমষ্টিৰ ভোটগ্ৰহণ প্ৰথম ৩ টা পৰ্যায়ত অনুষ্ঠিত হ'ব। ইয়াৰে ১৯ এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।

২৬ এপ্ৰিলত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ আৰু শিলচৰ, নগাওঁ সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ৭ মে'ত বৰপেটা, কোকৰাঝাৰ, ধুবুৰী আৰু গুৱাহাটী লোকসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।

নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বে সংবাদ মেলত মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে কয়, গোটেই বিশ্বৰ দৃষ্টি সৰ্ববৃহৎ গণতন্ত্ৰিক দেশ ভাৰতৰ নিৰ্বাচনৰ ওপৰত থাকে। নিৰ্বাচনী পৰ্ব আমাৰ বাবে এক গৌৰৱৰ বিষয়। তেওঁ কয়, যোৱা সময়ছোৱাত বিভিন্ন জিলা ভ্ৰমণ কৰি জিলা আয়ুক্তসকলৰ সৈতে সাক্ষাৎ কৰিছো। আমি স্মৰণীয় আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছো।

User

তেওঁ উল্লেখ কৰে এইবাৰ দেশৰ মুঠ ভোটাৰ ৯৬.৮ কোটি। ইয়াৰে ৪৯.৭ কোটি ভোটাৰ পুৰুষ আৰু ৪৭.১ কোটি ভোটাৰ মহিলা। তৃতীয় লীংগৰ ভোটাৰ আছে ৪৮ হাজাৰ। আনহাতে প্ৰথমবাৰৰ বাবে ভোট দিব ১.৮২ কোটি ভোটাৰে। ২০ বছৰৰ পৰা ২৯ বছৰৰ বয়সৰ ভোটাৰ আছে ২১.৫ লাখ। সেইদৰে ৮৫ উৰ্ধৰ ভোটাৰ আছে ৮২ লাখ। মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে আশা কৰিছে যুৱ ভোটাৰসকলে এইবাৰ অতি আগ্ৰহেৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিব।

সমগ্ৰ দেশত এইবাৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ থাকিব ১০.৫ লাখ। ইয়াত ব্যৱহাৰ হ'ব ৫৫ লাখ ই ভি এম। সকলোৰে সুৰক্ষাৰ বাবে নিয়োজিত হ'ব ১.৫ কোটি নিৰাপত্তাৰক্ষী। নিৰ্বাচন পৰিচালনাৰ বাবে ব্যৱহাৰ হ'ব ৪ লাখ বাহন।

User

সকলো ভোট কেন্দ্ৰত ভোটাৰৰ বাবে থাকিব সকলো ধৰণৰ সুবিধা। ভোটাৰসকলৰ বাবে ভোট কেন্দ্ৰত পানী, পুৰুষ-মহিলাৰ বাবে পৃথক প্ৰস্বাৱগৃহৰ ব্যৱস্থা থাকিব। বিশেষভাৱে সক্ষম ভোটাৰৰ বাবেও থাকিব বিশেষ সুবিধা। প্ৰতিটো ভোট কেন্দ্ৰতে থাকিব এখনকৈ হুইল ছেয়াৰ।

ভোটাৰসকলৰ সুবিধা হোৱাকৈ সকলো ভোটাৰে তেওঁলোকৰ ইপিক নম্বৰৰ সৈতে ভোটাৰ কাৰ্ড নিজৰ মোবাইলৰ জৰিয়তেই ডাউনলোড কৰিব পাৰিব। ইয়াৰোপৰি ডিজিটেলীয়েই তেওঁলোকে চাব পাৰিব বুথৰ ক্ৰমিক নম্বৰ আৰু প্ৰাৰ্থীসকলৰ সবিশেষ ।

User
User
User
User
মুঠ ৭ টা পৰ্যায়ত হ'ব নিৰ্বাচনঃ সাজু ৫৫ লাখ EVM, ১.৫ কোটি নিৰাপত্তাৰক্ষী, ৪ লাখ বাহন...
বৰপেটা, শোণিতপুৰ, গুৱাহাটীতো প্ৰাৰ্থী দিব বি পি এফে...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in