সাংসদ নৱ শৰণীয়াক লৈ শংকা চৰকাৰৰ...

সাংসদ নৱ শৰণীয়াক লৈ শংকা চৰকাৰৰ...

ডিজিটেল সংবাদ, বাক্সাঃ ২৭ মাৰ্চত সাংসদ নৱ কুমাৰ শৰণীয়াৰ জনজাতি প্ৰমাণ পত্ৰত বৈধতা প্ৰদান কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। জাতিগত প্ৰমাণ পত্ৰ বিতৰ্ক সন্দৰ্ভত ৰায়দান ওলমি ৰৈছে উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠত। এজনীয়া বিচাৰপীঠৰ ৰায়দানক প্ৰত্যাহ্বান জনাই খণ্ড বিচাৰপীঠৰ দ্বাৰস্থ হৈছে ৰাজ্য চৰকাৰ।

চৰকাৰৰ এয়া গভীৰ ষড়যন্ত্ৰ , নিৰ্বাচনৰ আগমুহুৰ্তত নৱ কুমাৰ শৰণীয়াক দুৰ্বল কৰাৰ বাবে এয়া ষড়যন্ত্ৰ চলিছে বুলি অভিযোগ অবড়ো সুৰক্ষা সমিতি অসমৰ। আগন্তুক ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনক লৈ চৰকাৰে ভয় খাই তেওঁৰ বিৰুদ্ধে ষড়ষন্ত্ৰত লিপ্ত হৈছে বুলি অভিযোগ উত্থাপন হৈছে। ৰাইজক এই বিষয়ক লৈ বিভ্ৰান্ত নহ'বলৈ আহ্বান জনালে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক মাধৱ ৰাজবংশীয়ে। এইধৰণৰ ষড়যন্ত্ৰ যদিহে বন্ধ নকৰে তেন্তে আন্দোলনৰ হুংকাৰ অবড়ো সুৰক্ষা সমিতি অসমৰ ।

সাংসদ নৱ শৰণীয়াক লৈ শংকা চৰকাৰৰ...
নিয়ন্ত্রন হেৰুৱাই বাগৰি পৰিল বৰযাত্ৰী কঢ়িওৱা বাহন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in