/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/47fa4da7-dd08-4942-9e25-8021a88eb7cc/AP_FOR_WEB_breaking_.jpg)
ৰাজ্যৰ ১১ সমষ্টিত বিজেপিয়ে চূড়ান্ত কৰিছে প্ৰাৰ্থী তালিকা...
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনত বিজেপিৰ সাম্ভাব্য প্ৰাৰ্থী তালিকা দলটোৰ এক উচ্চ স্তৰীয় সূত্ৰই অসমীয়া প্ৰতিদিন ডিজিটেলৰ আগত সদৰী কৰিছে। নতুন দিল্লীত আনুষ্ঠানিক চীল-মোহৰ পৰিবলৈ বাকী এই তালিকাত।
১৪ টা সমষ্টিৰ ভিতৰত ১১ টাতে বিজেপিৰ প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰস্তুত হৈ পৰিছে। গুৱাহাটী লোকসভা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থীত্বৰ বাবে ৰাণা প্ৰতাপ কলিতাৰ নাম বিবেচনা কৰিছে। ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়াগৰাকীক কুইন ওজাৰ স্থানত বিজেপি নেতৃত্বই প্ৰাৰ্থীত্ব নিশ্চিত কৰাৰ সম্ভাৱনা আছে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় সমষ্টিত প্ৰতিদ্বন্দিতা নকৰিলে গুৱাহাটী সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব পাৰে। সেয়া নিৰ্ভৰ কৰিছে সোণোৱালে কোন সমষ্টিক অগ্ৰাধিকাৰ দিয়ে তাৰ ওপৰত। শেষ মুহূৰ্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰিবও পাৰে। ৰাণা প্ৰতাপ কলিতাৰ গুৱাহাটী নহলে শোণিতপুৰ সমষ্টিৰ বাবেও বিবেচনা কৰিছে বিজেপিয়ে।
লখিমপুৰ সংসদীয় সমষ্টিত প্ৰদান বৰুৱাৰ প্ৰাৰ্থীত্ব নিশ্চিত। দৰং-ওদালগুৰি সংসদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব বৰ্তমানৰ সাংসদ দিলীপ শইকীয়া।
নৱ গঠিত কাজিৰঙা সংসদীয় সমষ্টিত নতুন প্ৰাৰ্থী নিৰ্বাচন কৰিছে বিজেপিয়ে।শিলচৰ সমষ্টিৰ বাবে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ কথা চিন্তা কৰিছে বিজেপিয়ে।
নগাওঁ লোকসভা সমষ্টিৰ বাবে বিজেপিয়ে সুৰেশ বৰা, ৰূপক শৰ্মা, সুন্দৰ শৰ্মাৰ নাম বিবেচনা কৰিছিল যদিও সুৰেশ বৰাকেই প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ সম্ভাৱনা প্ৰৱল। অৱশ্যে সূত্ৰটোৱে জনোৱা মতে এই তালিকা চূড়ান্ত কৰোঁতে কিছু ৰদবদল হ'ব পাৰে।
Also Read: ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাঃ ৰাহুল গান্ধীক অতিক্ৰম হিমন্ত বিশ্ব শৰ্মাৰ