সলনি হোৱাৰ দিশে ৰাজ্যৰ ৰাজনীতিঃ উজনিলৈ হিমন্ত-নামনিলৈ সৰ্বানন্দ

ৰাজনৈতিক ভৱিষ্যতৰ ৰাজনীতিৰ ৰূপৰেখা। ইয়াৰ ইংগিত দেখা গৈছে বিজেপিৰ অভ্যন্তৰত।

author-image
Asomiya Pratidin
New Update
সলনি হোৱাৰ দিশে ৰাজ্যৰ ৰাজনীতিঃ উজনিলৈ হিমন্ত-নামনিলৈ সৰ্বানন্দ

ডিজিটেল ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনে সলাই দিব পাৰে অসমৰ ৰাজনৈতিক ভৱিষ্যতৰ ৰাজনীতিৰ ৰূপৰেখা। ইয়াৰ ইংগিত দেখা গৈছে বিজেপিৰ অভ্যন্তৰত। কেইটামান মাহ পাছতেই দেশত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন।

Advertisment

ইতিমধ্যে প্ৰতিটো দলে ৰণনীতি প্ৰস্তুত কৰিছে। ৰাজ্য়ত ১৫ টা বিৰোধী দল লগ গৈ বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ৰণত নামিবলৈ সাজু হৈছে। ইয়াৰ বিপৰীতে বিজেপি-অগপ-ইউপিপিএল মিত্ৰজোঁটৰ লোকসভা নিৰ্বাচনকেন্দ্ৰিক ৰাজনৈতিক হিচাপ-নিকাচ কৰাৰ বাবে ১০ জানুৱাৰীত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা।

২০০৫ চনৰ পৰা বিজেপিত উজনি অসমৰ বাবে সৰ্বানন্দ সোনোৱাল আৰু নামনিত হিমন্ত বিশ্ব শৰ্মা শক্তিশালী নেতা হিচাপে পৰিগণিত হৈ আহিছে। কিন্তু অদূৰ ভৱিষ্যতে বিজেপিৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হোৱাৰ সম্ভাৱণা আছে।

২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে নামনি অসমৰ পৰা প্ৰতিদ্বন্দ্বিতাত নোমোৱাৰ পৰিকল্পনা কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক। সেই অনুসৰি গুৱাহাটী লোকসভা সমষ্টিৰ পৰা সোনোৱালক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পূৰ্ণ সম্ভাৱণা আছে।

কিন্তু সোনোৱাৰ বৰ্তমান বিজেপিৰ সংসদীয় বোৰ্ড আৰু কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ সদস্যৰ দৰে গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰি আছে। যাৰ বাবে সোনোৱালত নামনিলৈ অনা বিজেপিৰ পৰিকল্পনা ৰাজহুৱা কৰিব পৰা নাই।

সুদীৰ্ঘ ২৫ বছৰত সৰ্বানন্দ সোনোৱালে কেতিয়াও নামনিৰ লোকসভা বা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা নাই। সোনোৱাল কছাৰী সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে তেওঁ উজনি অসমৰ ৰাজনৈতিক প্ৰতিনিধি হিচাপেই পৰিচিত। এই সকলোবোৰৰ মাজতে গুৱাহাটীলৈ আহ-যহ বৃদ্ধি পাইছে সোনোৱালৰ।

ইয়াৰ বিপৰীতে উজনিলৈ নিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। সেই অনুসৰি আঢ়ৈ বছৰ পাছত ২০২৬ চনত হবলগীয়া বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীৰ পৰিৱৰ্তে যোৰহাটত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে। ১৯৯৬ চনৰ পৰা জালুকবাৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি অহা শৰ্মাই এতিয়া উজনিত ভেটি গঢ়াৰ চেষ্টা কৰিব। আনহাতে যোৰহাটত মুখ্যমন্ত্ৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলে বৰ্তমানৰ বিজেপিৰ বিধায়ক হিতেন্দৰ নাথ গোস্বামীৰ কি হ'ব তাক লৈও চলি আছে চিন্তা-চৰ্চা।

Also Read: ৰাষ্ট্ৰৰ বাবে দানঃ কংগ্ৰেছ ২ সপ্তাহত সংগ্ৰহ কৰিলে ১০ কোটি টকা

loksabha sarbananda sonowal himanta biswa sarma