ৰঙিয়াত ২ নিষিদ্ধ দ্ৰব্য সৰবৰাহকাৰীক আটক

ৰঙিয়াত ২ নিষিদ্ধ দ্ৰব্য সৰবৰাহকাৰীক আটক

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াত আৰক্ষীয়ে ২ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে । ধৃত সৰবৰাহকাৰীদুটা হ'ল উষ্কাৰ আলী আৰু নিত্য বৰ্মন । ইয়াৰে উষ্কাৰ আলী ৰঙিয়াৰ উদিয়ানাৰ আৰু নিত্য বৰ্মন বিলাসীপাৰাত ঘৰ বুলি ৰঙিয়া আৰক্ষীয়ে জনায় ।

ঘটনাৰ বিৱৰণী অনুসৰি ৰঙিয়াৰ সমীপৱৰ্তী উদিয়ানাত ধৃত সৰবৰাহকাৰী দুটাই ড্ৰাগছৰ বেহা বেপাৰ চলাই আহিছিল আৰু ড্ৰাগছ সেৱনৰ পৰা ৰাইজে অনুসন্ধান চলায় । পিছত ঘটনাক্ৰমে এলেকাত বাস কৰা স্থানীয় সৰবৰাহকাৰী উষ্কাৰ আলীক ঘৰত লাভ কৰি হাতে লোটে আনগৰাকী সৰবৰাহকাৰীক ধৰি ৰাজহুৱাকৈ কাণত ধৰি শাস্তি প্ৰদান কৰি ৰঙিয়া আৰক্ষীক খবৰ দিয়ে ।

আৰক্ষীয়ে পিছত খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ ড্ৰাগছ সৰবৰাহকাৰী দুটাক আটক কৰি থানালৈ লৈ আনে । সম্প্ৰতি অধিক তথ্যৰ বাবে থানাত ২ ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে সোধা পোচা অব্যাহত ৰাখিছে ।

ৰঙিয়াত ২ নিষিদ্ধ দ্ৰব্য সৰবৰাহকাৰীক আটক
ৰঙিয়াত মিছন বসুন্ধৰাৰ ভূমি পট্টা প্ৰদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in