/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a3f7dbff-464a-4522-a79f-e2096081c68b/AP_FOR_WEB_anand_mishra.jpg)
নগাঁৱৰ পৰা আঁতৰিল লীনা দলেঃ লখিমপুৰৰ দায়িত্ব আনন্দ মিশ্ৰক....
ডিজিটেল ডেস্কঃ জোনমণি ৰাভা কাণ্ডৰে নাম সাঙোৰ খাই পৰা নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেক জিলাখনৰ আৰক্ষী অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। তেওঁক নগাওঁ জিলাৰ পৰা হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্বত থকা নৱনীত মহন্তক নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।
আনহাতে আই জি পি (স্প'ৰ্টছ) হিচাপে দায়িত্বত থকা বহু চৰ্চিত আই পি এছ বিষয়া আনন্দ মিশ্ৰক লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্বত থকা বেদান্ত মাধৱ ৰাজখোৱাক আই জি পি (স্প'ৰ্টছ) হিচাপে বদলি কৰা হৈছে।
উল্লেখ্য যে, জোনমণি ৰাভা কাণ্ডৰ পাছতে নগাওঁ আৰু লখিমপুৰ আৰক্ষীৰ ভিতৰচৰাৰ বহু ক'লা অধ্যায় পোহৰলৈ আহিছিল। দুয়ো জিলাৰ আৰক্ষীয়ে অপৰাধীৰ সৈতে কিদৰে মিতিৰালি কৰিছিল, জনতাৰ সেৱাৰ পৰিৱৰ্তে অপৰাধ আৰু অপৰাধীৰ সেৱাত নিজকে নিমজ্জিত কৰিছিল সেই সকলোবোৰ বিষয় পোহৰলৈ আহিছিল।
যাৰ বাবে আৰক্ষীৰ প্ৰতি সৰ্বসাধাৰণৰ এক বিৰূপ মনোভোৱৰ সৃষ্টি হৈছিল। এনে পৰিপ্ৰেক্ষিতত এই ৰদবদল যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/79f04cee-f8a0-4813-b0f7-f56fd22eae5f/74bb0b46_81a7_4cf7_96a4_27f9b813eeba.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us