অপৰাধীক ৰক্ষাৰ অপচেষ্টা ! আৰক্ষী বিষয়া ৰুণা নেওগ আৰু হাছিনা বেগমৰ ভাইৰেল কল ৰেকৰ্ডিংৰ তদন্তৰ নিৰ্দেশ...

অপৰাধীক ৰক্ষাৰ অপচেষ্টা ! আৰক্ষী বিষয়া ৰুণা নেওগ আৰু হাছিনা বেগমৰ ভাইৰেল কল ৰেকৰ্ডিংৰ তদন্তৰ নিৰ্দেশ...
অপৰাধীক ৰক্ষাৰ অপচেষ্টা ! আৰক্ষী বিষয়া ৰুণা নেওগ আৰু হাছিনা বেগমৰ ভাইৰেল কল ৰেকৰ্ডিংৰ তদন্তৰ নিৰ্দেশ...

ডিজিটেল ডেস্কঃ সদ্য প্ৰয়াত এছ আই জোনমণি ৰাভাক কেন্দ্ৰ কৰি যিবোৰ তথ্য পোহৰলৈ আহিছে সেই তথ্যই ৰাজ্যৰ সৰ্বস্তৰৰ নাগৰিকৰ চকু কপালত তুলিছে। অপৰাধীৰ সৈতে আৰক্ষীৰ মিতিৰালি আৰু অপৰাধীক ৰক্ষাণাবেক্ষণৰ বাবে আৰক্ষীয়ে চলোৱা প্ৰচেষ্টাই প্ৰমাণ কৰিছে কিদৰে একাংশ আৰক্ষী বিষয়াই জন সেৱাৰ নামত অপৰাধ, অপৰাধীৰ সেৱাত নিজকে নিমজ্জিত কৰি ধনৰ পাহাৰ গঢ়াৰ দৌৰত নামিছে।

জোনমণি ৰাভাৰ মৃত্যুৰ পাছতে লখিমপুৰৰ হাছিনা বেগম নামৰ মহিলাগৰাকীয়ে জোনমণি ৰাভাৰ দুৰ্ঘটনাক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰি লখিমপুৰ আৰক্ষীৰ ভিতৰচৰাৰ এক ক'লা অধ্যায় মুকলি কৰি দিছিল। হাছিনা বেগমে অভিযোগ কৰিছিল নাওবৈচা আৰক্ষী চকীৰ আই চি সঞ্জীৱ বৰাই নকল সোণ আৰু জাল নোটৰ সৰবৰাহকাৰীৰ পক্ষ লৈ জোনমণি ৰাভাক ৬ লাখ টকা দাবী কৰিছিল।

সমান্তৰালকৈ জিলাখনত অতিৰিক্ত আৰক্ষীৰ দায়িত্বত থকা ৰুণা নেওগে কিদৰে অপৰাধীৰ পক্ষ লৈছিল আৰু অপৰাধীক ৰক্ষণাবেক্ষণৰ চেষ্টা চলাইছিল সেই বিষয়ে এটা কল ৰেকৰ্ডিঙো সংবাদ মাধ্যমৰ আগত তুলি ধৰিছিল। ভাইৰেল হৈ পৰা সেই কল ৰেকৰ্ডিংৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙে।

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা জাৰি হোৱা এক নিৰ্দেশনাত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগ আৰু হাছিনা বেগমৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপৰ তদন্ত ঘোষণা কৰি এই তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে আই জি পি প্ৰশান্ত কুমাৰ ভূঞাক।

১০ দিনৰ ভিতৰত তেওঁক এই তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। উল্লেখ্য যে ২০১৬ চনৰ অসম আৰক্ষী সেৱাৰ বিষয়ে ৰুণা নেওগে অদৃশ্য এক শক্তিৰ বলত সুদীৰ্ঘ দিন ধৰি লখিমপুৰ জিলাত থিতাপি লৈ আছিল।

৭ বাৰকৈ তেওঁৰ বদলিৰ নিৰ্দেশ স্থগিত কৰা হৈছিল। শেহতীয়াকৈ তেওঁক ভিলেজ ডিফেন্স অগ্ৰেনাইজেশ্যনৰ চিনিয়ৰ ষ্টাফ হিচাপে বদলি কৰা হৈছে।

অপৰাধীক ৰক্ষাৰ অপচেষ্টা ! আৰক্ষী বিষয়া ৰুণা নেওগ আৰু হাছিনা বেগমৰ ভাইৰেল কল ৰেকৰ্ডিংৰ তদন্তৰ নিৰ্দেশ...
জোনমণি ৰাভা কাণ্ডঃ অতিৰিক্ত আৰক্ষী অধীক্ষকসহ ২ জিলাৰ ৪ আৰক্ষী বিষয়াৰ ৰিজাৰ্ভ ক্ল'জ....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in