আৰক্ষীৰ অভিযান, ফাৰ্মাচীৰ পৰা ঔষধৰ সলনি ওলাল বিলাতী সুৰা…

আৰক্ষীৰ অভিযান, ফাৰ্মাচীৰ পৰা ঔষধৰ সলনি ওলাল বিলাতী সুৰা…

author-image
asomiyapratidin
New Update
আৰক্ষীৰ অভিযান, ফাৰ্মাচীৰ পৰা ঔষধৰ সলনি ওলাল বিলাতী সুৰা…

ডিজিটেল সংবাদ, লামডিং: লামডিঙৰ নখুটিত বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ।  ৱাইনচপৰ পৰিৱৰ্তে  এতিয়া ফাৰ্মাচিতো উপলব্ধ হয় বিলাতী সুৰা ৷

নখুটিত হুছেইন ফাৰ্মাচি হ'লগৈ হুচেইন ৱাইনচপ হে ৷  নখুঁটিৰ হুচেইন নামৰ ফাৰ্মাচীত নখুঁটি আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমানৰ অবৈধ সুৰাখিনি।

আব্দুল হুচেইন নামৰ এজন ব্যৱসায়ীয়ে বিগত বহু বছৰ ধৰি নখুঁটি বজাৰৰ ফাৰ্মাচীত অবৈধভাৱে সুৰাৰ ৰমৰমীয়া ব্যৱসায়ী কৰি অহাৰ অভিযোগ উত্থাপন হৈছিল ।

তাৰ পাছতেই আজি নখুঁটি আৰক্ষীয়ে অভিযান চলাই ব্যৱসায়ী আবুল হুচেইনক আটক কৰে ৷আনফালে অভিযানত আৰক্ষীয়ে ৪৬০টা বিলাতী সুৰাৰ বটলো জব্দ কৰে ৷

আনফালে নখুটি বজাৰত থকা আবুল হুচেইনৰ ফাৰ্মাচীখনৰো কোনো ধৰনৰ চিকিৎসাৰ অনুজ্ঞা পত্ৰ নোহোৱাকৈয়ে চলাই আছিল ফামাৰ্চীখন।

আৰু পঢ়ক: হৃদয় বিদাৰক! পুত্ৰৰ বিবাহৰ ৰভাথলীত পিতৃৰ নিঠৰ দেহ, কান্দোনৰ ৰোল

lumding assam