হৃদয় বিদাৰক! পুত্ৰৰ বিবাহৰ ৰভাথলীত পিতৃৰ নিঠৰ দেহ, কান্দোনৰ ৰোল

হৃদয় বিদাৰক! পুত্ৰৰ বিবাহৰ ৰভাথলীত পিতৃৰ নিঠৰ দেহ, কান্দোনৰ ৰোল

ডিজিটেল সংবাদ, বটদ্ৰৱা: বটদ্ৰৱাত মঙলবাৰে এক হৃদয় বিদাৰক ঘটনা সংঘটিত হয়। বটদ্ৰৱাৰ সৰুহিছা গাঁৱৰ নৱজ্যোতি খাটনিয়াৰ নামত যুৱক জনৰ বিয়াৰ আয়োজন চলি থকাৰ সময়তে সোমবাৰে পিতৃ উমা খাটনিয়াৰ উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ বিয়া ঘৰতে ঢলি পৰে।

লগে লগে পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে নগাঁৱলৈ নিয়ে যদিও মৃত্যু হয় ব্যক্তি জনৰ। একমাত্ৰ পুত্ৰৰ বিয়াৰ আয়োজনৰ আগমূহুৰ্তত এনেদৰে পিতৃৰ আকস্মিক বিয়োগত বিয়াৰ ৰভাথলীত আনন্দ উল্লাস নিমিষতে স্তব্ধ হৈ পৰে। তাৰ পৰিবৰ্তে ৰভাতলীত আত্মীয় স্বজন ইষ্ট কুটুম্বৰ কান্দোনৰ ৰোলত শোকাকুল পৰিবেশৰ সৃষ্টি হয়।

পৰিয়ালটিয়ে অতিথি আপ্যায়ন বাবে ৰৈ থকা সময়ত অতিথিৰ সলনি পিতৃৰ মৃতদেহ যি দৃশ্যই বিয়া ঘৰৰ সকলোৰে মাজত শুকাকুল পৰিবেশৰ সৃষ্টি হৈছে। আনহাতে মৃত উমা খাটনিয়াৰৰ এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছিল।

অৱসৰ গ্ৰহণ কৰাৰ পাছত উমা খাটনিয়াৰে বটদ্ৰৱাৰ বিভিন্ন সাংস্কৃতিক, সামাজিক আৰু খেলৰ অনুষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হোৱাৰ উপৰিও তেওঁ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সদস্য হিচাপে সেৱা আগবঢ়াইছিল। মৃত্যুৰ সময়ত তেওঁ বৃদ্ধ মাতৃ, পত্নী, পুত্ৰ নৱজ্যোতি খাটনিয়াৰ, দুগৰাকী জীয়ৰী, জোৱাই নাতি-নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in