Advertisment

বিহু পালেহিঃ গগনা, সুতুলী, টকা বনোৱাত ব্যস্ত ঢকুৱাখনাৰ প্ৰশান্ত বৰুৱা

বিহু পালেহিঃ গগনা, সুতুলী, টকা বনোৱাত ব্যস্ত ঢকুৱাখনাৰ প্ৰশান্ত বৰুৱা

author-image
Asomiya Pratidin
New Update
বিহু পালেহিঃ গগনা, সুতুলী, টকা বনোৱাত ব্যস্ত ঢকুৱাখনাৰ প্ৰশান্ত বৰুৱা

ডিজিটেল সংবাদ, ঢকুৱাখনা: অসমীয়া জাতিৰ প্ৰাণস্পন্দন ৰঙালী বিহু। আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা ৰঙালীৰ বাবে । ৰঙালীক আদৰাৰ মানসেৰে ভোকৰ ভাত পিয়াঁহৰ পানী পাহৰিছে অসমীয়াই ।

Advertisment

আকাশ বতাহ নিনাদিত হৈছে বিহুৱা-বিহুৱতীৰ ঢোল,পেঁপা-গগনাৰ  ছন্দোময়তাত।অসমীয়া লোক-সংস্কৃতিৰ বৰ ঘৰ স্বৰূপ ঢকুৱাখনাতো বহাগীক আদৰিবলৈ  ঢুলীয়া নাচনীৰ পাৰ ভঙা উচাহ প্ৰস্তুতি চলিছে ।

মৰমৰ দীঘ আৰু চেনেহৰ বাণীৰে চেনাইলৈ ফুলাম বিহুৱান বোৱাত বিভোৰ চেনেহীৰ মাকোৰ খিতখিতনিৰ অপূৰ্ব ধ্বনিৰে উদ্ভাসিত হৈ পৰিছে লোক-সংস্কৃতিৰ উৰ্বৰ ক্ষেত্ৰ ঢকুৱাখনা ।

হেঁপাহৰ  ৰচকী বহাগীজনীৰ আগমনৰ প্ৰাকক্ষণত ঢকুৱাখনাৰ এগৰাকী লোক বাদ্য শিল্পীৰ ব্যস্ততাই আপোনাকো সন্মোহিত কৰিব। এইগৰাকী নীৰৱ শিল্পী হ'ল ঢকুৱাখনাৰ লোক-বাদ্যৰ খনিকৰ প্ৰশান্ত বৰুৱা ।

অসমীয়া জাতীয় কৃষ্টিৰ পথাৰখনৰ এজন নীৰৱ সাধক ঢকুৱাখনাৰ টিংকুল  নামেৰে সৰ্বপৰিচিত। এইগৰাকী নীৰৱ লোক বাদ্যৰ খনিকৰৰ হাতৰ পৰশত নিৰ্জীৱ পদাৰ্থয়ো এক অমিয়া সুৰৰ ঝংকাৰ তোলে ।

ঢকুৱাখনাৰ এখন অতি ভিতৰুৱা গাঁওৰ এইগৰাকী প্ৰচাৰ বিমুখ লোক বাদ্যৰ খনিকৰে বিগত দুটা দশক ধৰি নিৰবিছিন্ন হাৰত প্ৰস্তুত কৰি আহিছে বিভিন্ন লোক বাদ্য।

অসমীয়া জাতীয় লোক বাদ্য স্বৰূপ গগনা , সুতুলি , টকা , কাকৈ ফণী , গেজেং আদি বিভিন্ন লোক সম্পদ নিজে সাজি এক ব্যতিক্ৰমী পৰম্পৰাৰ ধাৰাবাহিকতা অব্যাহত ৰাখি আহিছে টিংকুলে।

প্ৰতিটো বছৰৰ ফাগুন মাহৰ পৰাই এনেবোৰ লোক সংস্কৃতিৰ অমূল্য বাহক স্বৰূপ লোক সম্পদ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰি ঈর্ষণীয় উপাৰ্জন কৰি আহিছে ।

নিজৰ উৰুষা পঁজাৰেই এটা সুকীয়া কোঠাত আজৰি সময় পালেই এইজন নিপুণ হস্তবিদ্যাধাৰী ব্ৰতী হয় বিভিন্ন লোক বাদ্য নিৰ্মাণত ।

বাৰীৰ উপযোগী বাঁহ কাটি , কুমাৰৰ মাটি সংগ্ৰহ কৰি  বছৰৰ বাৰটা মাহেই  টিংকুল ব্যস্ত হয় লাহৰী গগনা , ৰামধন গগনা , টকা , কাকৈ ফণী , গেজেং  সুতুলী আদি বিভিন্ন বাদ্য নিৰ্মাণ কৰাত ।

পৰৱৰ্তী সময়ত ফাগুন মাহৰ পৰা সেইবোৰ বিপনন কৰি স্বাৱলম্বিতাৰ এক সেন্দুৰীয়া পথেৰে অগ্ৰসৰ হৈ আহিছে ব্যক্তিজন।

লখিমপুৰ , ধেমাজি ,মাজুলী , ডিব্ৰুগড় , শিৱসাগৰ আদি বিভিন্ন জিলাৰ একাংশ নিৰ্দিষ্ট খুচুৰা ব্যবসায়ীযে এইগৰাকী লোক শিল্পীৰ পৰা চাহিদা অনুসৰি এনেবোৰ লোক সম্পদ সংগ্ৰহ কৰি বিপনন কৰি আহিছে ।

ৰাজধানী চহৰ গুৱাহাটীতো এইগৰাকী লোক বাদ্য প্ৰস্তুতকাৰীৰ নিৰ্মিত লোক বাদ্যৰ এক সুকীয়া বজাৰ গঢ়িবলৈ সক্ষম হৈছে ।

দৰিদ্ৰতাই কোঙা কৰা চৰকাৰী আঁচনিযে স্পৰ্শ নকৰা এইগৰাকী নীৰৱ লোক সম্পদৰ খনিকৰে চলিত ঋতুত ১০ সহস্ৰাধিক এনেবোৰ বাদ্য সাজি বিক্ৰী কৰি সন্তোষজনক উপাৰ্জন কৰা বুলি প্ৰত্যয়েৰে অসমীয়া প্ৰতিদিন ডিজিটেল জানিবলৈ দিলে ।

Also Read: বিশ্বনাথলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব পঞ্জাৱৰ মুখ্যমন্ত্ৰী