
ডিজিটেল ডেস্কঃ অলিম্পিক গ'ল্ড মেডেলিষ্ট নীৰজ চোপ্ৰাৰ আন এক সফলতা। ডাইমণ্ড লীগত জেভলীন থ্ৰ'ৱাৰগৰাকীয়ে অৰ্জন কৰিলে স্বৰ্ণ পদক। আঘাতৰ সমস্যাৰ বাবে এটা মাহ খেলপথাৰৰ পৰা আঁতৰি থকা নীৰজ চোপ্ৰাই আঘাতৰ পৰা মুক্ত হৈয়ে লাভ কৰা এই সফলতাই আগন্তুক প্ৰতিযোগিতাসমূহৰ বাবে তেওঁক অধিক আত্মবিশ্বাসী কৰি তুলিছে।
উল্লেখ্য যে, ২৫ বছৰীয়া জেভলীন থ্ৰৱাৰগৰাকীয়ে পেশীজনিত সমস্যাৰ বাবে ৩ টাকৈ গুৰুত্বপূৰ্ণ ইভেণ্টত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলগীয়া হৈছিল। নিয়মীয়া অনুশীলনৰ সময়তে আঘাতৰ সন্মুখীন হৈ পেশীজনিত সমস্যাত ভূগিবলগীয়া হোৱাৰ বাবে তেওঁ প্ৰায় এটা মাহ অনুশীলনৰ পৰাও আঁতৰি আছিল।
এই সমস্যাৰ পৰা মুক্ত হৈয়ে তেওঁ স্বৰ্ণ জয় কৰিলে। প্ৰতিযোগিতাখনত তেওঁ পঞ্চম ৰাউণ্ডত সৰ্বাধিক ৮৭.৬৬ মিটাৰ থ্ৰ' কৰি এই পদক অৰ্জন কৰিছে। ফাউলেৰে আৰম্ভ কৰা প্ৰতিযোগিতাখনত দ্বিতীয় প্ৰচেষ্টাত তেওঁ ৮৩.৫২ মিটাৰ থ্ৰ' কৰে।
তৃতীয় প্ৰচেষ্টাত তেওঁ থ্ৰ' কৰে ৮৫.০৪ মিটাৰ। চতুৰ্থ ৰাউণ্ডত তেওঁৰ পুনৰ ফাউল কৰে। পঞ্চম ৰাউণ্ডত তেওঁ বিজয়সূচক ৮৭.৬৬ মিটাৰ থ্ৰ' কৰিবলৈ সক্ষম হয়। ষষ্ঠ তথা অন্তিম ৰাউণ্ডত তেওঁ ৮৪.১৫ মিটাৰহে থ্ৰ' কৰে।
স্মৰ্তব্য,বিগত বছৰত নীৰজে প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্বৰ্ণ পদক অৰ্জন কৰিছিল।